খুমটাই,12 আগষ্ট:কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে বহিঃৰাজ্যত কৰ্মৰত প্ৰায় অধিকাংশ লোকে ঘূৰি আহিছে নিজ ৰাজ্যলৈ ৷ নিৱনুৱা সমস্যাৰে ভৰপূৰ ৰাজ্যত বৰ্তমান বহিঃৰাজ্যৰ পৰা লোকসকলে কৰ্মবিহীনভাৱে পাৰ কৰিবলগীয়া হৈছে দিন ৷ উক্ত লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে গোলাঘাট জিলাৰ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই নিজববীয়া প্ৰচেষ্টাৰে একাংশ শ্ৰমিকৰ মাজত বিতৰণ কৰে কামৰ সঁজুলি ৷
বহিঃৰাজ্যৰ পৰা শ্ৰমিকৰ মাজত কৰ্মৰ সঁজুলি বিতৰণ বিধায়ক মৃণাল শইকীয়াৰ - মৃণাল শইকীয়া
নিৱনুৱা সমস্যাৰে ভৰপূৰ ৰাজ্যত বৰ্তমান বহিঃৰাজ্যৰ পৰা লোকসকলে কৰ্মবিহীনভাৱে পাৰ কৰিবলগীয়া হৈছে দিন ৷ উক্ত লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে গোলাঘাট জিলাৰ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই নিজববীয়া প্ৰচেষ্টাৰে একাংশ শ্ৰমিকৰ মাজত বিতৰণ কৰে কামৰ সঁজুলি ৷
শ্ৰমিকৰ মাজত কৰ্মৰ সঁজুলি বিতৰণ
বিধায়কগৰাকীয়ে শ্ৰমিকসকলক উৎসাহ প্ৰদানৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰে ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰায় 300 গৰাকী বহিঃৰাজ্যৰ পৰা অসমলৈ অহা শ্ৰমিকে ৷ পৰৱৰ্তী সময়তো বিধায়কগৰাকীয়ে এনেদৰে শ্ৰমিকসকলক সহায় আগবঢ়াই যাব বুলি ব্যক্ত কৰে ৷
লগতে চাওকঃবনৰীয়া ঘোঁৰাৰ আক্ৰমণত ছাত্ৰী আহত