খুমটাই, 7 ডিচেম্বৰ:সোমবাৰে খুমটাইৰ আবৰঘাটত উপস্থিত হয় বিধায়ক মৃণাল শইকীয়া ৷ আবৰঘাটত নিৰ্মাণ হ'বলগীয়া দলঙৰ স্থান পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে ৷ দলংখনক খেতিয়কৰ দলং হিচাপে আখ্যা দিছে বিধায়ক শইকীয়াই ৷ কিয়নো দলংখনৰ দুয়োপাৰে থকা লোকৰ অধিকাংশই কৃষিজীৱী ৷ ইয়াৰোপৰি দলং খনে সৰুপথাৰ সমষ্টি আৰু খুমটাই সমষ্টিক সংযোগ কৰিব ৷
খুমটাই-সৰুপথাৰ সংযোগী দলং নিৰ্মাণৰ স্থান পৰিদৰ্শন মৃণাল শইকীয়াৰ - khumtai
সোমবাৰে খুমটাইৰ আবৰঘাটত উপস্থিত হৈ আবৰঘাটত নিৰ্মাণ হ'বলগীয়া দলঙৰ স্থান পৰিদৰ্শন কৰে বিধায়ক মৃণাল শইকীয়াই ৷
![খুমটাই-সৰুপথাৰ সংযোগী দলং নিৰ্মাণৰ স্থান পৰিদৰ্শন মৃণাল শইকীয়াৰ মৃণাল শইকীয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9795262-thumbnail-3x2-kk.jpg)
দলং খনৰ স্থান পৰিদৰ্শন কৰি বিধায়কগৰাকীয়ে দলং খনৰ পূৰ্বৰ অৱস্থাৰ বিষয়েও বৰ্ণনা কৰে ৷ লগতে দলংখনক তেওঁ অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে ৷ যাৰ বাবে তেওঁ দলং খন নিৰ্মাণৰ বাবে যাৱতীয় প্ৰায় সকলো কাম কৰে ৷ দলং খন নিৰ্মাণৰ বাবে আনুমানিক 20 কোটি টকা খৰচ হ'ব বুলি ইতিমধ্যে বিধায়ক গৰাকীক অৱগত কৰিছে অভিযন্তাই ৷ বিধায়কগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, দলং খন অতি অত্যাধুনিকভাৱে নিৰ্মাণ কৰা হ'ব ৷ যিয়ে দুয়োপাৰৰ লোকৰ সময়ৰ ৰাহি কৰাৰ লগতে যাতায়াতো সুচল কৰি তুলিব ৷ প্ৰায় দুবছৰৰ ভিতৰত দলং খন সম্পূৰ্ণ হৈ উঠিব বুলিও জানিবলৈ দিয়ে বিধায়ক শইকীয়াই ৷