অসম

assam

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 4:04 PM IST

ETV Bharat / state

MLA Mrinal Saikia : আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন বিধায়ক মৃণাল শইকীয়াৰ

আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ ৷ নিৰ্মীয়মান এই প্ৰকল্পত বুধবাৰে উপস্থিত হয় বিধায়ক শইকীয়া ৷ ডিচেম্বৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে সময়সীমা ৷

Assam Agar International Trade Centre
বিধায়ক মৃণাল শইকীয়া

আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন

গোলাঘাট, 1 নৱেম্বৰ : ৰাজ্যৰ আগৰ খেতিয়ক সকলৰ ব্যৱসায়িক লেনদেন আৰু প্ৰসাৰৰ বাবে গোলাঘাটৰ খুমটাইত স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰ ৷ এই পদক্ষেপ 7 বছৰীয়া বিজেপি চৰকাৰৰ অন্যতম আছিল ৷ কিন্তু আজিও কাৰ্যক্ষম হৈ উঠা নাই এই প্ৰকল্প ৷ নিৰ্মীয়মান এই প্ৰকল্পত বুধবাৰে উপস্থিত হয় খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ৷

উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্দেশ চৰম অৱমাননা কৰাৰ পিছত এই অভিলাষী প্ৰকল্পৰ নিৰ্মাণকাৰ্য ডিচেম্বৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে সময়সীমা বান্ধি দিলে বিধায়ক মৃণাল শইকীয়াই ৷ লগতে অক্টোবৰৰ ভিতৰত কাম সম্পূৰ্ণ কৰা হ'ব বুলি ফিতাহি মৰা বিষয়াজনৰ বিৰুদ্ধে সদ্যহতে কোনো ব্যৱস্থা গ্ৰহণ নকৰিবলৈ আহ্বান বিধায়কগৰাকীৰ ৷ কোটিটকীয়া অভিলাষী এই প্ৰকল্পটো নিৰ্মাণৰ কাম খৰতকীয়া কৰিবলৈ গৈ যাতে কামৰ গুণগত মান নিম্নগামী নহয় তাৰ প্ৰতি গুৰুত্ব দিবলৈ বিভাগীয় বিষয়াক আহ্বান বিধায়ক মৃণাল শইকীয়াৰ ৷

চলিত বৰ্ষৰ ডিচেম্বৰ অথবা জানুৱাৰী মাহত আন্তৰ্জাতিক আগৰ বাণিজ্য কেন্দ্ৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি আশাবাদী বিধায়কগৰাকী ৷ এই প্ৰকল্প সম্পূৰ্ণ হ'লে আগৰ ব্যৱসায়ৰ ক্ষেত্ৰত অসম বহুদূৰ আগবাঢ়ি যাব বুলি আশা ব্যক্ত কৰাৰ লগতে মধ্যভোগীৰ কবলৰ পৰা আগৰ খেতিয়ক সকলে সকাহ পাব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে বিধায়ক মৃণাল শইকীয়াই ৷ উল্লেখযোগ্য প্ৰায় এমাহৰ পূৰ্বে ৰাজ্য চৰকাৰৰ উদ্যোগ মন্ত্ৰী বিমল বড়াই এই প্ৰকল্প পৰিদৰ্শন কৰি অক্টোবৰ মাহত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত মন্ত্ৰীগৰাকীৰ নিৰ্দেশক কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিল নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ৷

উল্লেখযোগ্য যে, 2020 চনৰ অক্টোবৰ মাহত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ ডাবিডুবিত, দেশৰ ভিতৰতে প্ৰথম আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছিল ৷ কৃষকসকলৰ লগতে অসমৰ আগৰ বাগিচা আৰু বাণিজ্যৰ সৈতে জড়িত উদ্যোগীসকলৰ ব্যৱসায়িক সম্ভাৱনাক প্ৰসাৰিত কৰিবলৈ ৰাজ্য চৰকাৰে এই বাণিজ্য কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ 10 কোটি টকা ব্যয় সাপেক্ষে খুমটাই সমষ্টিৰ ডাবিডুবিত নিৰ্মাণ কৰি থকা হৈছে এই আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰ ৷

লগতে পঢ়ক :Akhil Gogoi criticizes Assam Govt: ব্ৰহ্মপুত্ৰত নিৰ্মাণ হ’ব লগীয়া টানেলৰ দায়িত্ব লুই বাৰ্জাৰক নিদিবলৈ দাবী অখিল গগৈৰ

ABOUT THE AUTHOR

...view details