গোলাঘাট, 1 নৱেম্বৰ :অসমত ৰাঘৱৰ চাৰি চকা ঘূৰিছেনে ! দিনে বাগৰিছে মানে কি গতিত ৰাঘৱৰ চকা ঘূৰিছে সেয়া জানিবলৈ ৰাইজ অধীৰ অপেক্ষাৰত ৷ চিনেমা হ’লত কি হাৰত ৰাঘৱ চলিছে সেয়া কোৱা কঠিন ৷ দৰ্শকৰ মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ কিন্তু সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতাৰ মুখে মুখে বাৰুকৈ চলিছে ৰাঘৱ ৷
ৰাঘৱ চিনেমাখনে হলত দৰ্শকৰ বিশেষ সহাঁৰি নোপোৱাৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিশেষ উপদেশ দিছিল অভিনেতা যতীন বৰাক ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাৰ মন্তব্যক এইবাৰ ওভতি ধৰিলে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ৷
বুধবাৰে গোলাঘাটৰ এটা ছবিগৃহত ৰাঘৱ ছবি উপভোগ কৰিবলৈ আহি কংগ্ৰেছ সভাপতি বৰাৰ বিৰুদ্ধে সৰৱ হ’ল বিধায়ক শইকীয়া ৷ এইক্ষেত্ৰত বিধায়ক শইকীয়াই কয়, ‘‘যতীন বৰা অসমৰ গাঁৱে-ভূঞে জনপ্ৰিয় ৷ এখন ছবিৰ লগত কেতিয়াও ৰাজনীতিক একাকাৰ কৰিব নালাগে ৷ এনে নিকৃষ্ট মানসিকতাৰ মানুহ কি ধৰনে অতি পুৰণি ৰাজনৈতিক দলৰ মুৰব্বী হিচাপে ৰাজ্যত আছে মই ভাবি নাপাওঁ ৷ শিল্পীসকলৰ নিজৰ ৰাজনৈতিক আদৰ্শ এটা আছে ৷ কিন্তু এনে নিকৃষ্ট মানসিকতাৰ লোক মই কেতিয়াও দেখা নাই ৷’’