গোলাঘাট, 14 আগষ্টঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনী 'Fame India Magazine'ত স্থান লাভ কৰিলে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ৷ আলোচনীখনে দেশজুৰি বিধায়কসকলৰ মাজত চলোৱা এক সমীক্ষাত দেশৰ 50 গৰাকী জনপ্ৰিয় বিধায়কৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৯৬ নং খুমটাই বিধানসভা সমষ্টিৰ বিধায়কগৰাকীয়ে ৷
'Fame India Magazine'ত স্থান লাভ বিধায়ক মৃণাল শইকীয়াৰ
ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনী 'Fame India Magazine'ত স্থান লাভ কৰিলে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ৷ আলোচনীখনে দেশজুৰি বিধায়কসকলৰ মাজত চলোৱা এক সমীক্ষাত দেশৰ 50 গৰাকী বিধায়কৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে বিধায়কগৰাকীয়ে ৷
'Fame India Magazine'ত বিধায়ক মৃনাল শইকীয়া
সমষ্টিবাসীৰ হকে বিভিন্ন উন্নয়নমূলক কাম কৰাৰ উপৰিও বিভিন্ন সময়ত সহায়-সাহাৰ্য আগবঢ়োৱা আদি বিভিন্ন বিষয়ক সামৰি Fame India ই চলাইছিল এই সমীক্ষা ৷ আনহাতে, 'Fame India Magazine'ত মৃণাল শইকীয়াৰ সৈতে স্থান লাভ কৰিছে উত্তৰ-পূৱৰ আন তিনিগৰাকী বিধায়কে ৷ তেখেতৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে সমষ্টিবাসী ৷