গোলাঘাট, ১৫ ডিচেম্বৰ : কৃষি বিভাগৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে বিধায়ক মৃণাল শইকীয়া (Mrinal Saikia allegation against Agriculture dept) । দুৰ্নীতিৰ বলি হোৱা কৃষকক লৈ খুমটাই সমষ্টিৰ বিধায়কগৰাকীয়ে বৃহস্পতিবাৰে পুৱা আয়োজন কৰে এক সংবাদমেল । উল্লেখ্য, অলপতে গোলাঘাট কৃষি বিভাগৰ কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীয়ে সাধাৰণ কৃষকৰ পৰা উৎকোচ বিচৰা সন্দৰ্ভত চলাইছিল এক 'ছাডেন ভিজিট' (MLA Mrinal Saikia on Agriculture scam) ।
উল্লেখ্য, শেহতীয়াভাৱে কৃষিমন্ত্ৰীৰ গৃহজিলা গোলাঘাটৰ কৃষি বিভাগত ব্যাপক অনিয়ম চলাৰ অভিযোগ (Allegation of Scam in Agriculture department) উত্থাপন হৈছে । সাধাৰণ কৃষকে এটা চহীৰ বাবে কৃষি বিষয়াৰ কাৰ্যালয়লৈ তাঁত-বাতি কৰিব লগাৰ অভিযোগ । ৫০০ টকা নিদিলে BLW-এ কৃষকৰ কাম নকৰাৰ অভিযোগ উঠিছে । তাৰ মাজতেই খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ছাডেন ভিজিট চলায় গোলাঘাট জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত (Mrinal Saikia sudden visit in Golaghat)।
বিনোদ গগৈ নামৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত গোলাঘাট জিলা কৃষি বিষয়াক জবাবদিহি কৰে বিধায়কগৰাকীয়ে । অভিযোগ মতে, গুদামত বীজ পৰি থকাৰ পাছতো নানা অজুহাতত কৃষকে নাপায় বীজ । সামান্য কামৰ বাবে কৃষকক হাৰাশাস্তি কৰা বুলি বিধায়কগৰাকীক আপত্তি দৰ্শাইছিল একাংশ ৰাইজে ।
ইয়াৰ পাছতেই ছ'চিয়েল মিডিয়াত কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Agriculture minister Atul Bora) । যাৰ বাবে দুৰ্নীতিৰ বলি হোৱাসকলক লৈ পুনৰ কেমেৰাৰ সন্মুখত উপস্থিত হয় বিধায়ক মৃণাল শইকীয়া । সংবাদমেলত বিধায়কগৰাকীয়ে উল্লেখ কৰে যে কৃষকৰ সময় নাই দুৰ্নীতি আৰু উৎকোচ দিয়াৰ ভিডিঅ' বনাই প্ৰমাণ গোটোৱাৰ ।