অসম

assam

ETV Bharat / state

বান পৰিস্থিতিক মোকাবিলা কৰিবলৈ বিশেষ ব্যৱস্থা বিধায়ক মৃনাল শইকীয়াৰ - MLA Mrinal Saikia inagurated Relief camp at Khumtai

গৃহ দুটা নিৰ্মাণৰ পাছতে যথেষ্ট উৎফুল্লিত হৈ পৰিছে অঞ্চল দুটাৰ স্থানীয় ৰাইজ ৷ আগন্তুক বৰ্ষটো আৰু দুটা ওখ চাংঘৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব বুলি জনাইছে বিধায়ক গৰাকীয়ে ৷

MLA Mrinal Saikia inagurated Relief camp at Khumtai
বানাক্ৰান্তৰ বাবে সামূয়িক আশ্ৰয় গৃহ মুকলি কৰিলে বিধায়ক মৃনাল শইকীয়াই

By

Published : Sep 7, 2020, 10:42 AM IST

গোলাঘাট, 7 ছেপ্তেম্বৰ: আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে তৎপৰ হৈ পৰিছে প্ৰায় সকলো ৰাজনৈতিক দলৰে একাংশ ৰাজনৈতিক নেতা তথা পালিনেতা ৷ নিজৰ আসন অক্ষুণ্ণ ৰাখিবলৈ উঠি পৰি লাগিছে বৰ্তমানৰ বিধায়ক সকলো ৷ এই সময়ছোৱাতে বানে গঢ়কা অঞ্চল সমূহত তৎপৰতাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াই ৷

বানাক্ৰান্তৰ বাবে সামূয়িক আশ্ৰয় গৃহ মুকলি কৰিলে বিধায়ক মৃনাল শইকীয়াই

দেওবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ কাষৰীয়া পুলিকৰৈয়নী বনুৱাবস্তি আৰু শ'লমাৰি 2 নং গড়মৰাত দুটা সামূয়িক আশ্ৰয় গৃহ মুকলি কৰে বিধায়ক গৰাকীয়ে ৷ বানপানীৰ সময়ত যাতে অঞ্চলটোৰ নৈপৰীয়া ৰাইজে ওখ স্থান বিচাৰি হাহাকাৰ কৰিবলগিয়া নহয় তাৰবাবেই বানপানীয়ে ঢুকি নোপোৱা ঠাইত শৌচালয়, আৰু পানীৰ ব্যৱস্থা থকা দুটা সামূয়িক আশ্ৰয় গৃহ মুকলি কৰে বিধায়ক শইকীয়াই।

বানাক্ৰান্তৰ বাবে সামূয়িক আশ্ৰয় গৃহ মুকলি কৰিলে বিধায়ক মৃনাল শইকীয়াই

উল্লেখ্য যে, প্ৰত্যেক বছৰে বানে বিধস্ত কৰা অঞ্চলত ওখ ওখ চাংঘৰ নিৰ্মাণ কৰিছে বিধায়ক মৃনাল শইকীয়াই । অহা বছৰ বানপানীৰ লগত মুকাবিলা কৰিব পৰাকৈ আৰু দুটা এইধৰণৰ ওখ চাংঘৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছে বুলি জনাইছে বিধায়ক মৃনাল শইকীয়াই ৷

লগতে পঢ়কঃ চিৰাঙত সক্ৰিয় বনবিভাগঃ এমাহতে আটক 4 দুধৰ্ষ চিকাৰী

ABOUT THE AUTHOR

...view details