গোলাঘাট, 18 মে’: গোলাঘাটত এতিয়া বাগিছাই বাগিছাই কৰ’ণাৰ সন্ত্ৰাস । জিলাখনত এখনৰ পাচত আনখন চাহ বাগিচাত কৰ’ণাৰ সংক্ৰমণত আক্ৰান্ত হৈছে শ শ শ্ৰমিক ।
সম্প্ৰতি, কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে জিলা প্ৰশাসনে ৫ খনকৈ চাহ বাগিছা কণ্টেইণ্টমেণ্ট জ'ন হিচাপেও ঘোষণা কৰিছে । ইফালে, বৰ্তমান চাহ বাগিছাৰ শ্ৰমিক পৰিয়াল সমূহত তীব্ৰ খাদ্য সংকটে দেখা দিছে।
আৰ্তজনৰ কাষত খুমটাইৰ বিধায়ক মৃনাল শইকীয়া এনে সময়তে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই প্ৰথম দিনৰে পৰা আৰ্তজনৰ কাষত থিয় হৈ খাদ্য সামগ্ৰী যোগান ধৰি সাহস দিয়া পৰিলক্ষিত হৈছে । মঙলবাৰে সেন্দুৰীটিং চাহ বাগিছা অঞ্চলত উপস্থিত হৈ বিধায়ক গৰাকীয়ে অঞ্চলটোত আক্ৰান্ত লোকৰ পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে ।
বিধায়ক গৰাকীয়ে জনাইছে যে, তেওঁৰ নেতৃত্বত সমষ্টিটোৰ বিভিন্ন প্ৰান্তত তিনিটাকৈ দলে আৰ্তজনৰ কাষত থিয় হৈ খাদ্য সামগ্ৰী যোগান ধৰি আহিছে ৷
লগতে পঢ়ক :শিৱসাগৰত কণ্টেইনমেণ্ট জ'ন পৰিদৰ্শন জিলা উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ