অসম

assam

ETV Bharat / state

গছপুলি ৰোপন কৰি বিশ্ব পৰিৱেশ দিৱস পালন বিধায়ক মৃণাল শইকীয়াৰ

বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত পুৱাই স্থানীয় লোকসকলক লৈ বিধায়ক মৃণাল শইকীয়াই খুমটাই যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত ৰোপন কৰে বহু মূল্যবান গছপুলি ৷

By

Published : Jun 5, 2020, 1:22 PM IST

mla mrinal saikia celebrates world environment day
mla mrinal saikia celebrates world environment day

গোলাঘাট, 5 জুনঃ এটা সুস্থিৰ পৰিৱেশ থাকিলেহে জীয়াই থাকিব মানৱ সভ্যতা ৷ পৰিৱেশৰ প্ৰতি সজাগ হৈ মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি ৰখাটোও অন্য এক দায়িত্ব ৷ কিয়নো পৰিৱেশৰ ভাৰসাম্য নোহোৱাৰ ফলতেই বিশ্বত খাদ্য সংকট, প্ৰদূষণ আদি ভিন্ন কাৰণত মৃত্যুক সাৱটি লয় হাজাৰ হাজাৰ লোকে ৷

গছপুলি ৰোপন কৰি বিশ্ব পৰিৱেশ দিৱস পালন বিধায়ক মৃণাল শইকীয়াৰ

শুকুৰবাৰে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত গছপুলি ৰোপণ কৰি এই দিৱস পালন কৰিলে বিধায়ক মৃণাল শইকীয়াই ৷ পুৱাই স্থানীয় লোকসকলক লৈ বিধায়ক গৰাকীয়ে খুমটাই যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত বহু মূল্যৱান গছপুলি ৰোপণ কৰাৰ লগতে, লক ডাউনৰ ফলত বন্ধ হৈ পৰা পৰ্যটন ক্ষেত্ৰখন পৰিস্কাৰো কৰে ৷ বিশ্ব পৰিৱেশ দিৱসত বিধায়ক গৰাকীয়ে সকলোকে উদ্দেশ্যি পৰিবেশ ৰক্ষা কৰিবলৈ গছ কটা বন্ধ কৰাৰ লগতে এজোপাকৈ হ'লেও গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায় ৷

বিশ্ব পৰিৱেশ দিৱস পালন বিধায়ক মৃণাল শইকীয়াৰ

লগতে পঢ়কঃবিশ্ব পৰিবেশ দিৱস : এইবৰ্ষৰ বিষয়বস্তু "TIME OF NATURE" !

ABOUT THE AUTHOR

...view details