গোলাঘাট,7 এপ্ৰিল: 2021 চনৰ নিৰ্বাচনৰ ইতিমধ্যেই সামৰণি পৰিল ৷ শদিয়াৰ পৰা ধুবুৰীলৈ সকলো ৰাজনৈতিক নেতা-পালিনেতা এতিয়া কিছুদিনৰ বাবে বিশ্ৰাম নতুবা অৱসৰ বিনোদনত ব্য়স্ত ৷ কিন্তু ইয়াৰ মাজতে কিছু ব্য়তিক্ৰমী ৰূপত দেখা গ’ল খুমটাইৰ বিধায়ক মৃণাল শইকীয়াক ৷ ভোটগ্ৰহণৰ অন্ত পৰাৰ পিছতো জয়-পৰাজয়ৰ অংকত ব্যস্ত নাথাকি অনুৰাগীসকলৰ সৈতে নেতাগৰাকী ব্যস্ত হ’ল স্বচ্ছতামূলক কাৰ্যত ।
চাফাই কৰ্মীৰ ৰূপত বিধায়ক মৃণাল শইকীয়া - ভোটগ্ৰহণ
ভোটগ্ৰহণৰ অন্ত পৰাৰ পিছতো অনুৰাগীসকলৰ সৈতে হাতত ঝাড়ু লৈ বজাৰ পৰিষ্কাৰত নামিল খুমটাইৰ বিধায়ক মৃণাল শইকীয়া ৷
হাতত ঝাড়ু লৈ এখন বজাৰ পৰিষ্কাৰ কৰা কামত নামিল শইকীয়া ৷ পাতিহাঁহৰ বাবে বিখ্যাত এই বিশেষ বজাৰখন হৈছে খুমটাই সমষ্টিৰ দোলাষৰীয়া বজাৰ ৷ বিভিন্ন সময়ত বিধায়ক গৰাকীয়ে নিজেও বজাৰ কৰিবলৈ যোৱা এই বজাৰখন পৰিষ্কাৰ কৰা কাৰ্যত সহযোগী হিচাপে থকা দেখা গ’ল দক্ষিণহেঙ্গেৰা গাঁও পঞ্চায়তৰ একাংশ ৰাইজক । উল্লেখযোগ্য যে, বিধানসভাৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত বৰ্তমান সময়ত ঘৰতে বহি নাথাকি ৰাইজৰ হকে কাম কৰিবলৈ বিজেপিৰ খুমটাইৰ কাৰ্যকৰ্তাসকলক আহ্বান জনাইছে মৃণাল শইকীয়াই ।
লগতে পঢ়ক:কেক কাটি বিজেপিৰ প্ৰতিষ্ঠা দিৱস উদযাপন