অসম

assam

ETV Bharat / state

কৃষকৰ কাষত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন

আজি জেঠ মাহৰ অৰ্ধেক দিন অতিক্ৰম হ‘ল । কিন্তু এতিয়ালৈকে বৰষুণৰ নামত পানী এটুপিও পৰা নাই । যাৰ বাবে এতিয়ালৈকে কঠিয়াকে পাৰিব পৰা নাই সৰুপথাৰ বাসীয়ে।

MLA BISHWAJIT PHUKON VISIT SARUPATHAR
কৃষকৰ কাষত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন

By

Published : Jun 2, 2021, 9:53 PM IST

সৰুপথাৰ, 2 জুন : এফালে ক'ৰণা মহামাৰীৰ সন্ত্ৰাস, আনফালে পথাৰত পানী নোহোৱাৰ দোষত চিন্তিত হৈ পৰিছে কৃষক ৰাইজ । তাৰ মাজতে ধনশিৰি মহকুমাৰ সৰুপথাৰ অঞ্চলৰ কৃষক ৰাইজ গভীৰ চিন্তাত পৰিছে । আজি জেঠ মাহৰ অৰ্ধেক দিন অতিক্ৰম হ‘ল । কিন্তু এতিয়ালৈকে বৰষুণৰ নামত পানী এটুপিও পৰা নাই । যাৰবাবে এতিয়ালৈকে কঠিয়াকে পাৰিব পৰা নাই সৰুপথাৰ বাসীয়ে ।

কৃষকৰ কাষত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন

কৃষককৰ হাহাকাৰ অৱস্থা আৰু এই কৃষকক কিছু হ'লেও সকাহ দিবৰ বাবে বুধবাৰে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত হয় কৃষকৰ কাষত । বিধায়ক বিশ্বজিৎ ফুকনে টেঙাহোলা গাঁও পঞ্চায়ত, গন্ধকৰৈ গাঁও পঞ্চায়ত, বেতিয়নী গাঁও পঞ্চায়ত আৰু নগাজুৰি গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত থকা জলসিঞ্চন বিভাগৰ বিকল হৈ থকা প্ৰকল্প সমূহ পৰিদৰ্শন কৰে । বৰ্তমান এই প্ৰাকৃতিক দুৰ্যোগৰ সময় চোৱাত বিধায়ক জনৰ অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰিছে ৷

লগতে পঢ়কঃ হোজাই কাণ্ড: তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details