অসম

assam

By

Published : May 29, 2021, 9:30 AM IST

ETV Bharat / state

নৱ নিৰ্বাচিত বিধায়ক বিশ্বজিৎ ফুকনক সম্বৰ্ধনা গোৰ্খা ছাত্ৰ সন্থাৰ

সৰুপথাৰৰ নৱ নিৰ্বাচিত বিধায়ক বিশ্বজিৎ ফুকনক সম্বৰ্ধনা গোৰ্খা ছাত্ৰ সন্থাৰ । বৰপথাৰত সম্বৰ্ধনা জনোৱা হয় নৱ নিৰ্বাচিত বিধায়কগৰাকীক ।

golaghat
নৱ নিৰ্বাচিত বিধায়ক বিশ্বজিৎ ফুকনক সম্বৰ্ধনা গোৰ্খা ছাত্ৰ সন্থাৰ

সৰুপথাৰ, ২৯ মে': ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক বিশ্বজিৎ ফুকনক শুকুৰবাৰে বৰপথাৰত গোৰ্খা ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।

গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা এখন সম্বৰ্ধনা পত্ৰ, গোৰ্খা ঢাকা টুপীৰে সম্বৰ্ধনা জনোৱা হয় নৱ নিৰ্বাচিত বিধায়কগৰাকীক । শুকুৰবাৰৰ এই সম্বৰ্ধনা কাৰ্যসূচীত গোৰ্খা ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক মেঘৰাজ সোনাৰ প্ৰমুখ্যে আন কেইবাজনো বিষয়ববীয়া সদস্য উপস্থিত থাকে ।

লগতে পঢ়ক: স্বাস্থ্য বিভাগৰ অনুমতি পালেই ছেবাই অনুষ্ঠিত কৰিব পৰীক্ষা

ABOUT THE AUTHOR

...view details