গোলাঘাট, 9 নৱেম্বৰ:গোলাঘাটৰ খুমটাইত সোমবাৰে মুকলি কৰা হয় বীৰ শ্বহীদ জিন্টু গগৈৰ নামেৰে নামাকৰণ কৰা এটা পথৰ ৷ খুমটাইৰ বিধায়ক মৃনাল শইকীয়া আৰু কৃষিমন্ত্ৰী অতুল বৰাই আনুষ্ঠানিকভাবে মুকলি কৰে খুমটাইৰ পৰা বাদুলিপাৰ সংযোগী প্ৰায় ৭ কিল’মিটাৰ দৈৰ্ঘৰ পথটো ৷
অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ব্ৰিগেদিয়েৰ শশীন মেহতা, গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোদী, কেপ্তেইন জিন্টু গগৈৰ পিতৃ আৰু মাতৃৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি । পথটো মুকলি কৰি বিধায়ক মৃনাল শইকীয়াই কয় যে, ছহিদক কেনেকৈ সন্মান কৰিব লাগে মই জানো । দীৰ্ঘদিন ধৰি অৱহেলিত হৈ আছিল এই পথটো । বিগ্ৰেদিয়াৰ শশীন মেহতাই পথটো নিৰ্মাণৰ কামক লৈ সন্তুষ্টি প্ৰকাশ কৰে ৷