গোলাঘাট, 13 নৱেম্বৰ:অসমত স্বেচ্ছাসেৱী সংগঠন খুলি ঠগ প্ৰৱঞ্চনাৰে টকা ঘটাটো কোনো নতুন কথা নহয় । সমাজৰ ভালৰ বাবে ওলাই আহি অসৎ কাম কৰাটো এচামৰ বাবে যেন জীৱিকা হৈ পৰিছে । এইবাৰ গোলাঘাটতো ঘটিল অনুৰূপ ঘটনা । অমানৱীয়, দুৰ্নীতি, প্ৰশাসনৰ হেমাহিৰ অভিযোগ উত্থাপিত হৈছে গোলাঘাট নিৰ্মাণ মহিলা গোটৰ স্বেচ্ছাসেৱী সংগঠন Home for Mental Ill person বিৰুদ্ধে ।
বৰ্তমান প্ৰায় 25 গৰাকী মানসিক ৰোগীৰ জীৱনক লৈ খেল খেলাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ গোলাঘাট নিৰ্মাণ মহিলা গোট নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ বিৰুদ্ধে এই অভিযোগ উঠিছে ৷ দুৰ্ভগীয়া এইসকল ৰোগীক লৈ গোলাঘাট আৰক্ষী আৰু প্ৰশাসনে ল'ৰা ধেমালি খেলিছে(Psychiatric patients in Golaghat) ৷ স্বেচ্ছাসেৱী সংগঠনটোৰ উপৰি অভিযোগৰ আঙুলি উঠিছে অসম চৰকাৰৰ বিৰুদ্ধেও । এয়া আমাৰ অভিযোগ নহয়, গোলাঘাট নিৰ্মাণ মহিলা গোট নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ কাষতে লাগি থকা আবাসীৰ অভিযোগ ।
কিছুদিন পূৰ্বে ফেচবুকতো স্বেচ্ছাসেৱী সংগঠনটোত থকা মহিলাৰ দুৰ্দশাৰ বিষয়টো পোহৰলৈ আহিছিল । উক্ত Home for Mental ill personত 25গৰাকী মহিলা মানসিক ৰোগী আছে । বিশেষকৈ আৰক্ষী আৰু প্ৰশাসনে উদ্ধাৰ কৰি অনা মানসিক ৰোগীক ইয়াত ৰখা হয় । প্ৰশাসন আৰু আৰক্ষীৰ বিৰুদ্ধেও আছে অভিযোগ । তেওঁলোকে ৰোগীসকলক উদ্ধাৰ কৰি স্বেচ্ছাসেৱী সংগঠনটোক চমজাই দায় সামৰে ।