অসম

assam

ETV Bharat / state

কাকডোঙা নদীত বিহ ঢালিলে দুষ্ট চক্ৰই - চোৰাং ব্যৱসায় দুষ্টচক্ৰ

বৰালি মাছ নিধনৰ লক্ষ্য ৷ দীৰ্ঘদিনীয়া চোৰাং ব্যৱসায় দুষ্টচক্ৰ ৷

miscreants pour poison into kakdonga river

By

Published : Oct 20, 2019, 11:08 PM IST

গোলাঘাট,20 অক্টোবৰ: গোলাঘাট আৰু যোৰহাট জিলাৰ সীমাত অৱস্থিত কাকডোঙা নদীত বিহ দিয়াৰ অপচেষ্টা কৰিছে একাংশ দুষ্কৃতিকাৰীয়ে ৷ শনিবাৰে নিশা স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে অভিযান চলোৱাত ছত্ৰভংগ দিলে এই দুষ্ট চক্ৰটোৱে ৷ উল্লেখ্য যে, নিশা গোপনে কীটনাশক দ্ৰব্য দি মাছ নিধন কৰি বজাৰত বিক্ৰী কৰি স্বাৰ্থ সিদ্ধি কৰি আহিছে এটা দুষ্ট চক্ৰই । শনিবাৰে নিশা গোপনে বিহ ঢালি মাছ নিধন কৰিবলৈ অহা দলটোৰ বিৰুদ্ধে অভিযান চলাই যদিও আগতীয়াকৈ উমান পাই আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে দলটো । পলায়ন কৰা দলটোৱে এৰি থৈ যায় দুখন মাছ ধৰা জাল, দুটা মবাইল হেণ্ডচেট, কীটনাশক দ্ৰব্য মিহলাবলৈ অনা সামগ্ৰী আদি । এই দুষ্ট চক্ৰটোয়ে নদীত বিহ ঢালি নৈখনৰ পানী বিষাক্ত কৰাৰ উপৰিও পৰিৱেশ বিনষ্ট কৰি আহিছে ।

ৰাইজ আৰু আৰক্ষীৰ অভিযানত ছত্ৰভংগ কাকডোঙাত বিহ দিয়া দুষ্ট চক্ৰৰ

বৰালী মাছৰ বাবেই কাকডোঙা নদীত বিহ ঢালি নৈখনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে এই দুষ্ট চক্ৰটোৱে । গোলাঘাট আৰু যোৰহাট প্ৰশাসনক এই ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা অভিযোগ দি আহিছে ৰাইজে যদিও প্ৰশাসনে পৰ্যাপ্ত গুৰুত্ব প্ৰদান কৰা নাই । শেহতীয়াকৈ গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙক বিষয়টো অৱগত কৰাত চোমনী আৰক্ষী চকী আৰু দেৰগাঁৱৰ আৰক্ষীৰ এটা দলক অভিযান চলাবলৈ নিৰ্দেশ দিয়ে । সেই অনুসৰি ৰাইজৰ সহযোগত আৰক্ষীয়ে কাকডোঙা নদীৰ ধৰলীমূখত অভিযান চলায় । এই অভিযানৰ সময়ত দুষ্ট চক্ৰটোৱে এৰি থৈ যোৱা মোবাইল ফোনৰ পৰা তেওঁলোকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিব পাৰিব বুলি আশা কৰা গৈছে । বৰালি মাছৰ সংৰক্ষণৰ বাবে বিভিন্ন সময়ত দাবী উত্থাপিত হৈ থকাৰ সময়তে এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কি ভূমিকা লয়, সেয়া লক্ষ্যণীয় হৈ পৰিছে ৷

লগতে পঢ়কঃসোপাধৰাৰ সন্দেহত বদৰপুৰত সংঘটিত গণপ্ৰহাৰৰ ঘটনা

ABOUT THE AUTHOR

...view details