যোৰহাট, 25 ছেপ্টেম্বৰ :গোলাঘাট জিলাৰ খুমটাত চাঞ্চল্যকৰ ঘটনা ৷ প্ৰায় 23 দিনৰ পিচত পোহৰলৈ আহিছে গাৰ নোম শিহৰি উঠা ঘটনা ৷ ঘটনা অনুসৰি যোৱা 2 ছেপ্টেম্বৰত গোলাঘাট চিনাতলী অঞ্চলৰ মনোজ বৰাৰ পুত্ৰ অলমানচু বৰা কৰ্মস্থলীৰ পৰা ঘৰলৈ এখন বাইকেৰে গৈ আছিল ৷ তেনে সময়তে ঢেকীয়াল মলিয়াগাঁও নাট্য মন্দিৰৰ সমীপত এখন ডাম্পাৰত অহা দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে অলমানচু বৰাক ৷ লগে লগে অলমানচু বৰা সোঁহাতখন শৰীৰ পৰা বিচ্ছিন্ন হৈ পৰে ৷ প্ৰায় 30 মিটাৰ দূৰত্বলৈ ওফৰি পৰে যুৱকজনৰ হাতখন ৷ পৰ্ৱৰতী সময়ত অচেতন অৱস্থাত উদ্ধাৰ কৰি অলমানচু বৰাক চিকিৎসালয়ত ভৰ্তি কৰে ৷
এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী যুৱক অলমানচু বৰাৰ পিতৃ-মাতৃয়ে স্থানীয় আৰক্ষীৰ কাষ চাপিছিল ৷ কিন্তু ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণৰ নকৰাৰ লগতে, মাৰোৱাৰী ট্ৰাষ্টত হাতখন লগাই ল'লেই হ'ল বুলিও আৰক্ষীয়ে পৰামৰ্শ দিয়াৰো অভিযোগ আনিছে ভুক্তভোগী যুৱকজনৰ অভিভাৱকে ৷ সেয়ে আৰক্ষীৰ পৰা ন্যায় নোপোৱাৰ বাবে বিধায়ক মৃণাল শইকীয়াৰ কাষ চাপে ভুক্তভোগী যুৱকজনৰ পিতৃ-মাতৃ ৷