অসম

assam

By

Published : Mar 19, 2020, 10:38 AM IST

Updated : Mar 19, 2020, 11:14 AM IST

ETV Bharat / state

গোলাঘাটত নাবালিকাক ধৰ্ষণ

গোলাঘাটত এজন লোকে কালিমা সানিলে ভাতৃৃ-ভগ্নীৰ পৱিত্ৰ সম্পৰ্কত ৷ ভাতৃৰ কামনাৰ বলি হ’ল 13 বছৰীয়া ভগ্নী ৷ ভুক্তভোগীক হত্যাৰ ভাবুকি ধৰ্ষণকাৰীৰ ৷

minor girl raped golaghat assam etv bharat news
নাবালিকা ধৰ্ষণ

গোলাঘাট,19 মাৰ্চঃমানৱতাক ভূ-লুণ্ঠিত কৰা ধৰ্ষণ কাণ্ড পুনৰ সংঘটিত হৈছে ৰাজ্যত ৷ ভাতৃ-ভগ্নীৰ পবিত্ৰ সম্পৰ্কত কালিমা সানি আসুৰিক কাণ্ড সংঘটিত কৰিলে এক পাষণ্ডই। গোলাঘাটৰ ১নং ফলঙনীত সংঘটিত হয় এই ঘটনা ৷ ১নং ফলঙনীৰ ব্যক্তিজনে বিভিন্ন ভয়-ভাবুকিৰে সম্বন্ধত খুড়াকৰ জীয়েক অৰ্থাৎ ভনীয়েকক ধৰ্ষণ কৰি ঘটনাৰ গাপ দিব বিচাৰে ৷ লগতে 12বছৰীয়া নাবালিকা গৰাকীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকি প্ৰদান কৰিছিল ৷ নাবালিকা গৰাকীয়ে মৃত্যুৰ ভয়ত বহুদিনলৈ ঘটনা সম্পৰ্কে প্ৰকাশৰ পৰা বিৰত থাকে ৷ কিন্তু তিনিদিন পূৰ্বে ঘটনা সম্পৰ্কে কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে জানিব পৰাত বাগীজান আৰক্ষীৰ কাষ চাপে ৷ নাবালিকা গৰাকী সম্প্ৰতি চাৰিমাহৰ অন্তঃসত্বা ৷

নাবালিকা ধৰ্ষণ

আনফালে,সকলো কথা প্ৰকাশ হোৱাত ধৰ্ষণকাৰী বৰ্তমান পলাতক অৱস্থাত আছে ৷ বগীজান আৰক্ষীয়ে লম্পটটোক বিচাৰি অব্যাহত ৰাখিছে অনুসন্ধান । কিন্তু বৰ্তমানলৈকে কৰায়ত্ব কৰিব পৰা নাই ধর্ষণকাৰীজনক ৷

লগতে চাওকঃদণ্ডাধীশৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগৰ কৰ'ণা পৰীক্ষণ

Last Updated : Mar 19, 2020, 11:14 AM IST

ABOUT THE AUTHOR

...view details