গোলাঘাট, নাহৰকটীয়া, 22 নৱেম্বৰঃগোলাঘাট মেৰাপানীত শিশুক যৌন নিৰ্যাতনৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে। এগৰাকী ৯ বছৰীয়া পিতৃহীনা নাবালিকাক আশ্ৰয় দিয়াৰ নামত বিগত চাৰিমাহ ধৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ গোলক বৰা নামৰ এজন বৃদ্ধৰ বিৰুদ্ধে। বৃদ্ধজনৰ লগতে তেওঁৰ পৰিয়ালৰ আন দুজনৰ বিৰুদ্ধেও শাৰিৰীক নিৰ্যাতনৰ অভিযোগ নাবালিকা গৰাকীৰ মাতৃৰ ।
আনহাতে,অভিযুক্ত গোলক বৰাৰ লগতে নাতিয়েক জয় বৰা আৰু মঞ্জু বৰাৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত ১৭৫/১৯ নম্বৰত গোচৰ ৰুজু কৰে নাবালিকা গৰাকীৰ মাতৃয়ে। আৰক্ষীয়ে দুই শিশু নিৰ্যাতনকাৰীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ঘটনাৰ মূল অভিযুক্ত মেৰাপানী আমগুৰিৰ গোলক বৰা বৰ্তমানে পলাতক হৈ থকা বুলি জানিবলৈ দিয়ে ।
উল্লেখ্য যে, ৯ বছৰৰ পূৰ্বে নিজৰ স্বামীক হেৰুৱাই তীব্ৰ আৰ্থিক অনাটনত ভুগি চাৰি বছৰৰ পৰা কন্যা সন্তানসহ চেন্নাইত কৰ্মৰত হৈ আছিল নাবালিকা গৰাকীৰ মাতৃ ৷ চেন্নাইত কৰ্মৰত হৈ থকা অৱস্থাতে মাতৃ গৰাকীয়ে নাবালিকা গৰাকীক চাৰিমাহৰ পূৰ্বে একেলগে কৰ্মৰত হৈ থকা পাতি লোৱা ভগ্নী মঞ্জু বৰাৰ লগত কন্যাক মেৰাপানীলৈ পঠিয়াই দিয়ে ৷