অসম

assam

ETV Bharat / state

Water Supply Scheme: বোকাখাতত পানী যোগান আঁচনিৰ উদ্বোধন - মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

শুকুৰবাৰে গোলাঘাট জিলাৰ বোকাখাত সমষ্টিৰ মাজচাপৰিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত হৈ এখন পানী যোগান আঁচনি উদ্বোধন কৰে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ প্ৰায় ১ কোটি ২৯ লাখ ৯৪ হাজাৰ টকাৰ আৱন্টন মৰ্মে অভিলাষী পানী যোগান আঁচনিখনৰ উদ্বোধন কৰা হয় (Water Supply Scheme) ৷

minister-jayanta-malla-baruah-and-minister-atul-bora-inaugurated-water-supply-scheme-in-golaghat
বোকাখাতত পানী যোগান আঁচনিৰ উদ্বোধন

By

Published : Oct 21, 2022, 9:29 PM IST

গোলাঘাট, 21 অক্টোবৰ:শুকুৰবাৰে গোলাঘাট জিলাৰ বোকাখাত সমষ্টিৰ মাজচাপৰিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা (Minister Jayanta Malla Baruah) আৰু কৃষিমন্ত্ৰী অতুল বৰা (Minister Atul Bora) উপস্থিত হৈ এখন পানী যোগান আঁচনি উদ্বোধন কৰে (Water supply scheme in inaugurated) ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ প্ৰায় ১ কোটি ২৯ লাখ ৯৪ হাজাৰ টকাৰ আৱন্টন মৰ্মে অভিলাষী পানী যোগান আঁচনিখনৰ উদ্বোধন কৰি মন্ত্ৰীদ্বয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে মন্তব্য কৰে ৷

ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই অনুষ্ঠানত উপস্থিত থাকি অতিকে পিছপৰা মাজচাপৰি অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰখনত এই আঁচনিয়ে যথেষ্ট অৰিহণা যোগাব বুলি মন্তব্য কৰে ৷ লগতে এই অভিলাসী আঁচনিখনে (Water supply scheme in Golaghat) পিছপৰা অঞ্চলটিৰ ৰাইজৰ যথেষ্ট সহায়ক হ'ব বুলিও উল্লেখ কৰে মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

বোকাখাতত পানী যোগান আঁচনিৰ উদ্বোধন

উল্লেখযোগ্য যে, কেন্দ্ৰই প্ৰতি ঘৰত টেপৰ পানী যোগানৰ অৰ্থে জল জীৱন অভিযানৰ অধীনত অসমলৈ 5, 601 কোটি টকাৰ অনুদান আগবঢ়াইছিল ৷ 2020-21 চনত এই পৰিমাণ আছিল 1,608.51 টকা ৷ যদিও কিছু কিছু ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু ঠিকাদাৰৰ কৃপাত বাস্তৱ ক্ষেত্ৰত জল-জীৱন আঁচনি এতিয়া একাংশৰ বাবে জল-জঞ্জালৰ ৰূপ লৈছে ।

ৰাজ্যত প্ৰায়ে জল জীৱন মিছন আঁচনি(Jal Jeevan Mission in Assam) ৰূপায়নৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । এইক্ষেত্ৰত মন্তব্য কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে, আঁচনি সমূহ ৰূপায়ণত অকল চৰকাৰৰ ভূমিকাই যথেষ্ট নহয়, তাত ৰাইজৰো সহযোগিতা লাগিব ৷

ইয়াৰোপৰি. কাজিৰঙাৰ পৰ্যটন সম্পৰ্কীয় বিতৰ্ক অৱসান ঘটোৱাৰ প্ৰসংগ উল্লেখ কৰাৰ লগতে তৃতীয় চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষাৰ সন্দৰ্ভত (Viva for 4th grade recruitment) ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়াৰ লগতে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ন-বিজেপি, পুৰণি বিজেপি সম্পৰ্কত কৰা অভিযোগৰ ক্ষেত্ৰতো প্ৰতিক্ৰিয়া আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:Assam Police Recruitment: ভুৱা কম্পিউটাৰ শিক্ষাৰ প্ৰমাণ পত্ৰৰ সন্দৰ্ভত ধুবুৰীত দুজনক আটক

ABOUT THE AUTHOR

...view details