অসম

assam

ETV Bharat / state

জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বান পৰিস্থিতি পৰিদৰ্শন - সংবাদ মেল

সোমবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কলিয়াবৰৰ মহকুমাধিপতি কাৰ্য‍ালয়ত এখন সংবাদ মেলৰ আয়োজন কৰে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত

By

Published : Jul 15, 2019, 6:36 PM IST

কাজিৰঙা,15 জুলাইঃ বিগত কেইবাদিনো ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতিৰ বুজ লয় জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ সোমবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে উদ্যানখন পৰিদৰ্শন কৰাৰ লগতে কলিয়াবৰ মহকুমাধিপতি কাৰ্য‍ালয়ত এখন সংবাদ মেলৰ আয়োজন কৰে ৷ উল্লেখযোগ্য যে,বানৰ কৱলত পৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে পানীত ডুব যোৱাত উজনি-নামনিৰ যাত্ৰীবাহী বাহনৰ যাতায়ত বন্ধ হৈ পৰে ৷ ইয়াৰোপৰি ব্ৰহ্মপুত্ৰৰ পানী বঢ়াৰ লগে-লগে হাতীমূৰা-কুকুৰাকটা মথাউৰিৰ ছিগা অংশৰে পানী বাগৰিছে বুলি বিভিন্ন উৰা বাতৰি প্ৰচাৰ হোৱাত শংকিত হৈ পৰিছে কলীয়াবৰবাসী ৷ আনহাতে জল সম্পদ বিভাগে হাতীমূৰা-কুকুৰাকটা মথাউৰি সম্পূৰ্ণ সুৰক্ষিত বুলি জানিবলৈ দি ৰাইজক শংকিত নহ'বলৈ আহ্বান জনাইছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত

ABOUT THE AUTHOR

...view details