গোলাঘাট, 22 জানুৱাৰী :এক বিশেষ সম্প্ৰদায়ৰ ভোট লাভৰ বাবেই কংগ্ৰেছ, আইডিএফৰ মাজত মিত্ৰতা হৈছে । কংগ্ৰেছে মৌলবাদী ভোট লাভৰ বাবেই বদৰুদ্দিন আজমলক সম্প্ৰদায়িক মন্তব্য দিবলৈ শিকাইছে । গোলাঘাটত এই মন্তব্য প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । স্বয়ম আঁচনি উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান মন্ত্ৰী গৰাকীৰ ৷
অসম চৰকাৰৰ বিত্ত বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হয় এই শুভাৰম্ভণি অনুষ্ঠান । শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, বিধায়ক মৃনাল শইকীয়া, ভবেন ভৰালী আৰু প্ৰাক্তন বিধায়িকা অজন্তা নেওগ ।