অসম

assam

ETV Bharat / state

ৰাজনৈতিক দায়িত্ব এৰি ক্ষণিকৰ বাবে মাতৃৰ কাষত মন্ত্ৰী ৰণোজ পেগু - নিজ গৃহত উপস্থিত হয় শিক্ষামন্ত্ৰী ৰনোজ পেগু

শুকুৰবাৰে বিশেষ ছুটী ব্যৱহাৰ কৰি নিজ গৃহত উপস্থিত হ’ল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (minister Dr Ranoj Pegu spent quality time with mother) ৷ মুখ্যমন্ত্ৰীক চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে নিৰ্ধাৰণ কৰি দিয়া দুদিনীয়া বিশেষ ছুটীৰ বাবে ধন্যবাদ জ্ঞাপন (Ranoj Pegu thanked to Assam govt to gives employees two days special leave) কৰে মন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি টেট পৰীক্ষা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷

ranoj-pegu-thanked-assam-govt-to-gives-employees-special-leave-to-spend-time-with-parents-or-in-laws
মাতৃৰ কাষত উপস্থিত শিক্ষা মন্ত্ৰী পেগু

By

Published : Jan 9, 2022, 1:57 PM IST

Updated : Jan 9, 2022, 2:29 PM IST

বোকাখাত, 9 জানুৱাৰী :বছৰটোৰ পহিলা মাহতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীলৈ প্ৰদান কৰিলে এক বিশেষ উপহাৰ ৷ এই উপহাৰস্বৰূপে মুখ্যমন্ত্ৰীগৰাকীয়ে পোন প্ৰথমবাৰৰ বাবে ৰূপায়ণ কৰিছে এক অভিনৱ আঁচনি ৷

এই আঁচনিমৰ্মে মাক-দেউতাক তথা পৰিয়ালৰ সৈতে সময় কটাবলৈ 8 আৰু 9 জানুৱাৰীত চৰকাৰী কৰ্মচাৰীয়ে পাব বিশেষ ছুটী ৷ শুকুৰবাৰে নিশা অসম চৰকাৰে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে নিৰ্ধাৰণ কৰি দিয়া দুদিনীয়া ছুটীৰ ব্যৱহাৰ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Education Minister Dr Ranoj Pegu) নিজ গৃহত উপস্থিত হয় ৷

বোকাখাতৰ গৃহত অকলশৰে থকা মাতৃৰ লগত শনিবাৰৰ দিনটো কটালে মন্ত্ৰীগৰাকীয়ে (Ranoj Pegu at Bokakhat) ৷ নিজ গৃহত উপস্থিত হৈ অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীক পৰিয়ালৰ লোকৰ লগত সময় কটাবলৈ ছুটী প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি পঞ্চমুখ হৈ পৰে শিক্ষা মন্ত্ৰীগৰাকী ৷

ৰাজনৈতিক দায়িত্ব এৰি ক্ষণিকৰ বাবে মাতৃৰ কাষত মন্ত্ৰী ৰণোজ পেগু

আনহাতে, অনাগত দিনত শিক্ষকৰ চাকৰিৰ বাবে নিকা পদ্ধতিৰে টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে । আগন্তুক দিনত অনুষ্ঠিত হ'বলগীয়া বিশেষ টেট পৰীক্ষা যথেষ্ঠ কঠোৰভাৱে অনুষ্ঠিত কৰা হ'ব ৷

তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ অনুশীলন কৰিবলৈ আহ্বান জনাই শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ এতিয়াৰে পৰা মেধা ভিত্তিতহে শিক্ষকৰ চাকৰি লাভ কৰিব বুলিও উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়াৰে পৰা টেট পৰীক্ষাত উত্তীৰ্ণ হ'লেও চাকৰি নাপায় ৷

কিয়নো নম্বৰৰ ভিত্তিতহে চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে ৷ ৰাজ্যত সমান্তৰালভাৱে বাঢ়ি অহা কৰ’ণা সংক্ৰমণৰ বাবে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ আংশিকভাৱে বন্ধ ঘোষণা কৰা হৈছে ৷

টেট পৰীক্ষা সম্পৰ্কে মন্তব্য

কিন্তু নৱম, দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান এদিন এৰি এদিন অফলাইন আৰু অনলাইনত পদ্ধতিত চলিব বুলি প্ৰকাশ কৰে শিক্ষা মন্ত্ৰী পেগুৱে ৷

লগতে পঢ়ক :বিজেপি কাৰ্যকৰ্তাৰ পিএছঅ' প্ৰত্যাহাৰৰ বাবে মুখ্যমন্ত্রীৰ প্ৰতি আবেদন ভৱেশ কলিতাৰ

Last Updated : Jan 9, 2022, 2:29 PM IST

ABOUT THE AUTHOR

...view details