গোলাঘাট, 24 জুলাই : গোলাঘাটত শনিবাৰে উপস্থিত হয় অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ উপস্থিত হোৱাৰ পাচতে গোলাঘাট জিলা প্ৰশাসনৰ সৈতে ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত এক বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী ৷ উক্ত বৈঠকত গোলাঘাট জিলাৰ বৰ্তমানৰ ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হয় ৷
উক্ত বৈঠকৰ পাচত গোলাঘাট জিলাৰ ক'ভিডৰ বৰ্তমানৰ স্থিতিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, "গোলাঘাট জিলাত বৰ্তমান ক'ভিডৰ পৰিস্থিতি ক্ৰমাৎ সাধাৰণ অৱস্থালৈ আহিছে ৷ পূৰ্বৰ তুলনাত জিলাখনত ক'ভিডৰ আক্ৰান্ত হাৰ হ্ৰাস পাইছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷
উল্লেখ্য যে, উক্ত বৈঠকত উপস্থিত খাকে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে জিলা উপায়ুক্ত আৰু প্ৰশাসনীয় বিষয়াসকল ৷ বৰ্তমান গোলাঘাট জিলাত ১১১৪ গৰাকী ক'ভিড ৰোগী আছে আৰু সেইসকলৰ অধিকাংশই হোম আইচ'লেশ্যনত আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ ক'ভিড আক্ৰান্ততকৈ জিলাখনত ক'ভিডত আৰোগ্য লাভ কৰা হাৰ অধিক বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে জিলাখনত ক'ভিডত আৰোগ্য লাভ কৰা ক'ভিড ৰোগীৰ হাৰ ৯৫% বুলি মন্তব্য কৰে ৷