খুমটাই,1আগষ্টঃগোলাঘাট জিলাৰ খুমটাইৰ বনগাঁৱত শনিবাৰে বীৰাঙ্গনা সতী সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই ৷ উল্লেখযোগ্য যে, সম্পূৰ্ণ ৰাইজৰ দান বৰঙণিয়ে প্ৰায় সাত ফুট ওখ প্ৰতিমূৰ্তিটো ৪ লাখ ৭৫ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছে বুলি জানিব পৰা গৈছে ৷ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে শিল্পী ৰঞ্জিত তামুলীয়ে ৷
বীৰাঙ্গনা সতী সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন কৃষি মন্ত্ৰী অতুল বৰাৰ
গোলাঘাট জিলাৰ খুমটাইৰ বনগাঁৱত কৃষি মন্ত্ৰী অতুল বৰাই বীৰাঙ্গনা সতী সাধনী প্ৰতিমূৰ্তি উন্মোচন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
বোকাখাট মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ উপৰিও বিভিন্ন দল-সংগঠনৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ৷ ইপিনে একেখন সভাতে উপস্থিত থাকি নতুন প্ৰজন্মৰ যুৱক যুৱতীক কৃষিৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে ৰাজ্যৰ কৃষি বিভাগে যথেষ্ট পদক্ষেপ হাতত লোৱাৰ কথা উল্লেখ কৰে অতুল বৰাই ৷
আনহাতে শীঘ্ৰেই গোলাঘাট জিলাত সতী সাধনীৰ স্মৃতিত এখন বিশ্ববিদ্যালয় স্থাপন কৰাৰ লগতে বোকাখাট নগৰতো এটা সতী সাধনীৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে আগন্তুক দিনত সকলো জাতি-জনগোষ্ঠী একত্ৰিত হৈ বৰ অসম গঢ় দিবলৈ সকলোকে আহ্বান জনাই মন্ত্ৰী অতুল বৰাই ৷ চুতীয়া ছাত্ৰ সন্থাই আয়োজন কৰা প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত বৃহত্তৰ অঞ্চলটিৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়াই ৷
লগতে পঢ়কঃ অখিল গগৈৰ মুক্তিৰ দাবী: কৃষি মুক্তিৰ চাৰি সদস্যৰ মুণ্ডন