বোকাখাত, ১৭ ছেপ্টেম্বৰ:বোকাখাতস্থিত পানবাৰী নিগম চৌহদত আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই মিছন অমৃত সৰোবৰ আঁচনিৰ নিৰ্মানকাৰ্যৰ আধাৰশিলা স্থাপন কৰে ( Minister Atul Bora inaugurated Amrit Sarovar) ।
সমান্তৰালকৈ নিগম চৌহদত নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ (Numaligarh Refinery Limited) দ্বাৰা দুটাকৈ সৌৰশক্তি চালিত শীতল ভঁৰালৰ এটা শুভ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনটোৰ শুভ উদ্বোধন কৰে নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ পৰিচালন সঞ্চালক শ্ৰী ভাস্কৰজ্যোতি ফুকনদেৱে । অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে শনিবাৰে অসমৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাট জিলাতো মিছন অমৃত সৰোবৰ আঁচনিৰ নিৰ্মাণকাৰ্যৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত কয় (Mission Amrit Sarovar) ৷
বোকাখাতত স্থাপন হ'ব অমৃত সৰোবৰ পুখুৰী লগতে মন্ত্ৰীগৰাকীয়ে দেশৰ দূৰদৰ্শী আৰু শক্তিশালী মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সকলোৰেহৈ তেখেতক শুভেচ্ছা জ্ঞাপন কৰে । অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে এই আঁচনি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত অসমৰ প্ৰতিখন জিলাত সফলভাৱে ৰূপায়িত হ'ব বুলি উল্লেখ কৰে । তেওঁ আৰু কয় যে, এই আঁচনিৰ অধীনত প্ৰতিখন জিলাত ৭৫ টাকৈ অমৃত সৰোবৰ পুখুৰী খন্দাৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে বিজ্ঞানসন্মত ভাৱে মীন পালনৰ লগতে পুখুৰী পাৰত মূল্যৱান বৃক্ষৰোপণৰ ব্যৱস্থা কৰা হ'ব (Amrit Sarovar at Bokakha) ।
এই অমৃত সৰোবৰ পুখুৰীয়ে আগন্তুক দিনত ৰাজ্যখনৰ গ্ৰাম্য অর্থনীতিৰ ভেটি শক্তিশালী কৰাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । তদুপৰি দুটাকৈ সৌৰশক্তি চালিত শীতল ভঁৰাল স্থাপন কৰাৰ বাবে নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ (Numaligarh Refinery Limited) কৰ্তৃপক্ষক কৃতজ্ঞতা আৰু ধন্যবাদ জনাই অসম কৃষি প্ৰধান ৰাজ্য আৰু এই দুটা শীতল ভঁৰালৰ জৰিয়তে অঞ্চলটোৰ কৃষক সকল যথেষ্ট উপকৃত হ'ব বুলি উল্লেখ কৰে ।
অনুষ্ঠানত গোলাঘাটৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ পৰিচালন সঞ্চালক শ্ৰী ভাস্কৰজ্যোতি ফুকন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ধীৰাজ দাস, নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ মুখ্য মহাপ্ৰবন্ধক শ্ৰী কাজল শইকীয়া, মহাপ্ৰবন্ধক শ্ৰী মিণ্টু সন্দিকৈ, জিলা গ্ৰাম্য উন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক শ্ৰী অবিনাশ শইকীয়া, গোলাঘাট জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া শ্ৰীমতী এলিনা পেগু দলে উপস্থিত থাকে ৷
লগতে বোকাখাতৰ পৌৰপতি শ্ৰী ৰত্নেশ্বৰ বৰুৱাকে প্ৰমুখ্য কৰি মহকুমা প্ৰশাসনৰ বিষয়াসকল, বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধি, নিমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল, সংশ্লিষ্ট বিভাগৰ বিষয়াসকল, আত্মসহায়ক গোটৰ সদস্য আৰু স্থানীয় ৰাইজ উপস্থিত থাকে । এই অনুষ্ঠানৰ অন্তত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত বোকাখাতৰ সাপজুৰি বঙালীগাঁৱৰ শ্ৰী কৃষ্ণ তাঁতী আৰু শ্ৰীমতী তিলকা ভূমিজৰ আৱাস নিৰ্মাণকাৰ্যৰ শুভ উদ্বোধন কৰে ।
লগতে পঢ়ক:হিজাব পৰিধান নকৰাৰ অভিযোগ: আৰক্ষীৰ জিম্মাত মৃত্যু 22 বছৰীয়া যুৱতীৰ