বোকাখাত, ৩০জুলাই:বোকাখাতত বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই ২৫২ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক প্ৰদান কৰে পৰিচয়পত্ৰ আৰু প্ৰমাণপত্ৰ(minister atul bora distributed identy card to specially abled person)। এই প্ৰমাণপত্ৰই বিশেষভাৱে সক্ষম লোক সকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা । শনিবাৰে বোকাখাতত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁ এই পৰিচয়পত্ৰ আৰু প্ৰমাণপত্ৰ বিতৰণ কৰে ।
Minister Atul Bora at Bokakhat: বোকাখাতত বিশেষভাৱে সক্ষম ব্যক্তিক প্ৰমাণপত্ৰ প্ৰদান - বোকাখাতত বিশেষভাৱে সক্ষম ব্যক্তিক প্ৰমাণপত্ৰ প্ৰদান
বোকাখাতত বিধায়ক তথা মন্ত্ৰী অতুল বৰাই ২৫২ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক প্ৰদান কৰে পৰিচয়পত্ৰ আৰু প্ৰমাণপত্ৰ। শনিবাৰে বোকাখাতত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই এই পৰিচয়পত্ৰ আৰু প্ৰমাণপত্ৰ বিতৰণ কৰে(minister atul bora distributed identy card to specially abled person)।
![Minister Atul Bora at Bokakhat: বোকাখাতত বিশেষভাৱে সক্ষম ব্যক্তিক প্ৰমাণপত্ৰ প্ৰদান Minister Atul Bora at Bokakhat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-15968634-122-15968634-1659181977795.jpg)
বোকাখাতত বিশেষভাৱে সক্ষম ব্যক্তিক প্ৰমাণপত্ৰ প্ৰদান
বোকাখাতত বিশেষভাৱে সক্ষম ব্যক্তিক প্ৰমাণপত্ৰ প্ৰদান
উল্লেখ্য যে সমগ্ৰ বোকাখাত সমষ্টিত ২১৪২ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক চিনাক্ত কৰা হৈছে । মন্ত্ৰী অতুল বৰাই পৰ্যায়ক্ৰমে বাকী সকল লোককো এই পৰিচয় পত্ৰ প্ৰদান কৰিব বুলি ঘোষণা কৰে । ইয়াৰ জৰিয়তে বিশেষভাৱে সক্ষম লোক সকলেও সমানেই সকলো চৰকাৰী সা-সুবিধা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । উক্ত অনুষ্ঠানত পৰিচয়-পত্ৰৰ লগতে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে একোখনকৈ ৰাষ্ট্ৰীয় পতাকা আৰু গছপুলিও বিতৰন কৰা হয় ।
লগতে পঢ়ক:Smuggled wood seized: ৰঙাপৰা আমাৰীবাৰী বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠভৰ্তি বাহন