অসম

assam

ETV Bharat / state

বোকাখাতত কণী যুঁজৰ আনন্দ ল’লে মন্ত্ৰী অতুল বৰাই - বোকাখাতত অসমী বহাগী মেলাৰ আয়োজন

ৰঙালী বিহু উপলক্ষ্যে বোকাখাতত অসমী বহাগী মেলাৰ আয়োজন (Asomi Bohagi Mela at Bokakhat)। মেলা উদ্বোধন কৰিলে মন্ত্ৰী অতুল বৰাই । উদ্বোধনৰ পাছতে কণী যুঁজ খেলিলে মন্ত্ৰী অতুল বৰাই ।

বোকাখাতত কণী যুঁজৰ আনন্দ ল’লে মন্ত্ৰী অতুল বৰাই

By

Published : Apr 9, 2022, 6:49 PM IST

বোকাখাত,৯ এপ্ৰিল :ৰাজ্যৰ চাৰিওফালে চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি (Rongali Bihu preparation in Assam)। ডেকা-বুঢ়া সকলোৱে ৰঙালীৰ আনন্দত মতলীয়া । ঠায়ে ঠায়ে চলিছে বিহুৰ আখৰা । একাংশ ঠাইত আকৌ বিহুৰ মেলাৰ আয়োজন কৰা হৈছে । মুঠতে মূল্যবৃদ্ধি স্বত্ত্বেও ৰাজ্যবাসীয়ে বাপতিসাহোন ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে ।

বোকাখাতত কণী যুঁজৰ আনন্দ ল’লে মন্ত্ৰী অতুল বৰাই

সকলোৰে গাত লাগিছে বিহু । পিছপৰি ৰোৱা নাই মন্ত্ৰী-বিধায়কসকলো । এনে পৰিৱেশৰ মাজতে কৃষি মন্ত্ৰী অতুল বৰা ব্যস্ত পৰম্পৰাগত কণী যুঁজত (Minister Atul Bora busy in traditional egg fight)। বোকাখাতত ৰঙালী বিহু উপলক্ষ্যে আয়োজন কৰা 'অসমী বহাগী মেলা'ত কণী যুঁজ খেলাত ব্যস্ত মন্ত্ৰীগৰাকী ।

উল্লেখ্য যে গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ উদ্যোগত আত্মসহায়ক গোটসমূহৰ দ্বাৰা আয়োজন কৰা হৈছে এই 'অসমী বহাগী মেলা' (Asomi Bohagi Mela at Bokakhat)। আত্মসহায়ক গোটসমূহে নিজে উৎপাদন কৰা বিভিন্ন সামগ্ৰী যেনে- বিহুৱান, চাদৰ-মেখেলা, পিঠা-পনা, আচাৰ আদি এই মেলাত বিক্ৰী কৰা হৈছে । এই মেলা শনিবাৰে উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাই ।

লগতে পঢ়ক :পৃথক স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details