অসম

assam

ETV Bharat / state

নাগালেণ্ডৰ পৰা অহা 5 শ্ৰমিকক গোলাঘাটত আৱদ্ধ ৰাইজৰ - Migrant Labour confined by Golaghat people

নাগালেণ্ডৰ পৰা অহা পাঁচজন শ্ৰমিকক গোলাঘাটত ৰাইজে আৱদ্ধ কৰি প্ৰশাসনক চমজাই দিয়ে ৷ আৱদ্ধ শ্ৰমিক কেইজন নাগালেণ্ডৰ মোকোকচুঙত কৰ্মৰত আছিল যদিও লক ডাউনৰ বাবে উপায়ন্তৰ হৈ ৰেল লাইনেৰে খোজ কাঢ়ি ভোকে-লঘোনে গোলাঘাটত উপস্থিত হয় শ্ৰমিকসকল ৷

ETV BHARAT
নাগালেণ্ডৰ পৰা অহা 5 শ্ৰমিকক গোলাঘাটত আৱদ্ধ ৰাইজৰ

By

Published : May 22, 2020, 10:50 AM IST

গোলাঘাট,22 মেঃ গোলাঘাটত নাগালেণ্ডৰ পৰা খোজ কাঢ়ি অহা পাঁচজন শ্ৰমিকক গাঁৱৰ ৰাইজে কৰিলে আৱদ্ধ । নাগালেণ্ডৰ মোকোকচুঙৰ পৰা ৰে'ল লাইনেৰে কাৰ্বি আংলংঙৰ হামৰেণৰ নিজা ঘৰলৈ খোজকাঢ়ি আহিছিল শ্ৰমিক কেইজন । নাগালেণ্ডৰ মোকোকচুঙত বাঁহ-বেতৰ কাম কৰিছিল বুলি জানিব পৰা গৈছে শ্ৰমিকসকলে ।

নাগালেণ্ডৰ পৰা অহা 5 শ্ৰমিকক গোলাঘাটত আৱদ্ধ ৰাইজৰ

লক ডাউনৰ সময়ছোৱাত নাগালেণ্ডত আৱদ্ধ হৈ পৰিছিল শ্ৰমিক কেইজন । নিজা ঘৰখনলৈ ওভতি আহিবলৈ নাগালেণ্ড প্ৰশাসনৰ লগত যোগাযোগ কৰিছিল যদিও কোনো সুফল লাভ নোপোৱাত অৱশেষত উপায়ন্তৰ হৈ ৰে'ল পথেৰে খোজ কাঢ়িয়েই যাত্ৰা আৰম্ভ কৰে শ্ৰমিকসকলে । আৱদ্ধ হোৱা আটাইকেইজন শ্ৰমিকৰ ঘৰ কাৰ্বি আংলং জিলাৰ হামৰেণত । গোলাঘাটৰ ৰাইদিঙীয়া তিনিআলিত শ্ৰমিকসকলক প্ৰত্যক্ষ কৰাৰ লগে লগে স্থানীয় ৰাইজে আৱদ্ধ কৰি খবৰ দিয়ে প্ৰশাসনক । অনাহাৰে থকা শ্ৰমিক সকলক খোৱা খাদ্যৰ যোগান ধৰি ৰাইজে গোলাঘাট প্ৰশাসনক চমজাই দিয়ে ।

লগতে পঢ়ক- ৯ ঘণ্টা পলমকৈ মৰিয়নী জংচনত উপস্থিত শ্ৰমিক ৰে'ল সেৱা

ABOUT THE AUTHOR

...view details