অসম

assam

Mid-day Meal Scam: মধ্যাহ্ন ভোজনৰ নামত ৮ লাখ টকাৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগ

By

Published : Oct 20, 2022, 6:18 PM IST

বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ মুখৰ ভাত গৰাহটো চকু একাংশৰ ৷ এইবাৰ গোলাঘাটৰ কছাৰীহাট উচ্চ মাধ্যমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ বাবদ প্ৰায় ৮ লাখ টকাৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে (Mid-day Meal Scam) ৷ এই অভিযোগ উত্থাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে ৷

mid-day-meal-scam-at-kacharihat-higher-secondary-school-in-golaghat
মধ্যাহ্ন ভোজনৰ নামত ৮ লাখ টকাৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগ

গোলাঘাট, 20 অক্টোবৰ: মধ্যাহ্ন ভোজন হৈছে বিদ্যালয়ৰ এক ভোজন আঁচনি (Midday Meal Scheme) । সমগ্ৰ ভাৰতবৰ্ষৰ স্কুল পৰ্যায়ৰ শিশুসকলৰ পুষ্টিৰ মান উন্নত কৰাৰ উদ্দেশ্যে এই আচঁনিখন প্ৰস্তুত কৰা হয় এই আঁচনি ৷ এই কাৰ্যসূচীৰ জৰিয়তে যি সময়ত চৰকাৰে শিশুসকলৰ মধ্যাহ্ন ভোজনৰ বাবে অভিলাসী আঁচনি মুকলি কৰিছে (Mid Day Lunch in Assam), বিদ্যালয়ে বিদ্যালয়ে শিশুসকলক আহাৰ বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তেনে সময়তে একাংশই চৰকাৰী আঁচনিৰ নামত আৰম্ভ কৰিছে লুণ্ঠন ৷ বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ মুখৰ ভাত গৰাহতো চকু একাংশৰ ৷ সম্প্ৰতি ৰাজ্যৰ অধিকাংশ চৰকাৰী বিদ্যালয়তে সংঘটিত হৈছে এই দুৰ্নীতি ৷

চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা মধ্যাহ্ন ভোজনৰ আঁচনিখন ক্ৰমাৎ ভেকোঁভাওনালৈ পৰিণত হৈছে । চৰকাৰে মধ্যাহ্ন ভোজনৰ খাদ্যৰ তালিকা প্ৰস্তুত কৰি দি সেই তালিকা অনুসৰি ছাত্ৰ-ছাত্ৰীক খাদ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিলেও পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত হ'বলগা হৈ আহিছে ছাত্ৰ-ছাত্ৰীসকল ।

মধ্যাহ্ন ভোজনৰ নামত ৮ লাখ টকাৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগ

শেহতীয়াকৈ গোলাঘাটৰ কছাৰীহাট উচ্চ মাধ্যমিক বিদ্যালয়ত (Kacharihat Higher Secondary School) মধ্যহ্ন ভোজনৰ সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে ৷ বিদ্যালয় পৰিচালনা উন্নয়ন সমিতি চমুকৈ SMDC ৰ নিজাববীয়া তদন্তত উন্মোচন হৈছে এই ভয়ংকৰ জালিয়াতি (Allegations of corruption in midday meal) । প্ৰাপ্ত বাতৰি অনুসৰি, কছাৰীহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত কুমাৰ ডেকাৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ বাবদ প্ৰায় ৮ লাখ টকাৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে ৷

মধ্যাহ্ন ভোজনৰ বাবে অনা এটা কণীৰ দাম ১৬ টকা, 1 কেজি নিমখৰ দাম ২০ টকা আদি কৰি দুখনকৈ দোকানৰ নামত ভুৱা ৰচিদ দাখিল কৰি চহী জালিয়াতি কৰাৰো অভিযোগ উত্থাপন কৰিছে SMDC য়ে । ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে ৷

এই ঘটনা পোহৰলৈ অহাৰ পাছতে প্ৰধান শিক্ষক প্ৰশান্ত কুমাৰ ডেকাই বিদ্য়ালয়ৰ পৰা পলায়ন কৰে ৷ ফলত এই ঘটনাই সম্প্ৰতি সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । লগতে প্ৰধান শিক্ষক প্ৰশান্ত কুমাৰ ডেকাক নিলম্বন আৰু ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:DC Keerthi Jalli visited Sontali School: উপায়ুক্ত কীৰ্তি জল্লীৰ খং

ABOUT THE AUTHOR

...view details