অসম

assam

By

Published : Aug 19, 2022, 11:27 AM IST

ETV Bharat / state

ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত মেৰাপানীৰ খেলুৱৈৰ স্বৰ্ণ জয়

চিমলাত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন মেৰাপানীৰ তিনি খেলুৱৈৰ (Merapani player wins gold in Karate championship)। মেৰাপানীৰ ভেলৌগুৰি গাঁৱৰ ৰূমা কাইটা, কাছমাৰীৰ পাপুল শইকীয়া আৰু পুলিবাগানৰ জিন্তু গগৈয়ে বিভিন্ন শাখাত স্বৰ্ণ পদক লাভ কৰে । স্ব-গৃহত উপস্থিত হোৱা খেলুৱৈসকলক বিপুল আদৰণি ।

Sports
ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত মেৰাপানীৰ খেলুৱৈৰ স্বৰ্ণ জয়

মেৰাপানী,১৯ আগষ্ট :ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত পুনৰ উজলিল অসমৰ খেলুৱৈ । হিমাচল প্ৰদেশৰ চিমলাত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটেচেম্পিয়নশ্বিপত (National Karate Championship at Shimla)চাব জুনিয়ৰ আৰু চিনিয়ৰ শাখাত সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে মেৰাপানীৰ তিনিগৰাকী খেলুৱৈয়ে । খেলুৱৈ কেইগৰাকীৰ সফলতাত আনন্দিত মেৰাপানীবাসী ।

চিমলাৰ পৰা ৰে'লযোগে আহি স্ব-গৃহত উপস্থিত হোৱাৰ লগে লগে খেলুৱৈসকলক বিপুল আদৰণি জনায় ৰাইজে । বিহু, ঝুমুৰ আদিৰে অঞ্চলটোৰ ৰাইজে খেলুৱৈসকলক আদৰণি জনায় ।

উল্লেখ্য যে যোৱা ১৩ আৰু ১৪ আগষ্টত চিমলাত অনুষ্ঠিত এই কাৰাটে প্ৰতিযোগিতাত অসমৰ হৈ অংশগ্ৰহণ কৰি মেৰাপানীৰ ভেলৌগুৰি গাঁৱৰ ৰূমা কাইটা, কাছমাৰীৰ পাপুল শইকীয়া আৰু পুলিবাগানৰ জিন্তু গগৈয়ে বিভিন্ন শাখাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় (3 player wins gold at National Karate Championship)। তেওঁলোকৰ উপৰিও এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ ৮ গৰাকী খেলুৱৈয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে । ভিতৰুৱা অঞ্চলটোৰ পৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক জয় কৰাত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী । খেলুৱৈ কেইগৰাকীক ৰাইজে সম্বৰ্ধনা জ্ঞাপনো কৰে ।

লগতে পঢ়ক :AIFF ক নিলম্বনৰ কিছু কথা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details