অসম

assam

ETV Bharat / state

গোলাঘাটত বনৰীয়া হাতীৰ উপদ্ৰৱ - গোলাঘাটৰ মুৰফুলনি, ফলঙনি, গৰঙা পথাৰ, তেলীয়া আদি গাঁৱত উপদ্ৰৱ চলায় হাতীৰ জাকটোৱে

গোলাঘাটত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ বুধবাৰে নিশা প্ৰায় 70 ৰ পৰা 80 জনীয়া এটা হাতীৰ জাকে জিলাখনৰ মুৰফুলনি, ফলঙনি, গৰঙা পথাৰ, তেলীয়া আদি গাঁৱত উপদ্ৰৱ চলায় ৷

ৰাইজে খেদি পঠিয়ালে হাতীৰ জাকটোক

By

Published : Nov 21, 2019, 9:49 AM IST

গোলাঘাট, 21 নৱেম্বৰঃ গোলাঘাটত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ বুধবাৰে নিশা 70 ৰ পৰা 80 জনীয়া এটা হাতীৰ জাকে জিলাখনৰ মুৰফুলনি, ফলঙনি, গৰঙা পথাৰ, তেলীয়া গাঁৱত উপদ্ৰৱ চলায় ৷ খাদ্যৰ সন্ধানত নামবৰ পৰা অহা হাতীৰ জাকটোক খেদিবলৈ নিশা ওলাই আহে স্থানীয় ৰাইজ ৷

গোলাঘাটত বনৰীয়া হাতীৰ জাক

হাতীৰ জাকটোৱে 39 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি খেতি পথাৰত প্ৰৱেশ কৰি বহু খেতিপথাৰ নষ্ট কৰে ৷ বন বিভাগে স্থানীয় ৰাইজৰ সহযোগত হাতী জাকটোক খেদি পঠিয়াই যদিও তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল হাতী খেদিবলৈ অহা বনবিভাগৰ হাতত নাছিল এটা টৰ্ছ লাইট ৷

লগতে পঢ়কঃ গোলাঘাটত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷

ৰাইজৰ অভিযোগ দিনৰ ভাগত চাহ বাগিছাত সোমাই থকা হাতীৰ জাকটো ৰাতি হ'লেই খাদ্যৰ সন্ধানত অঞ্চলকেইটাত উপদ্ৰৱ চলায় ৷

ABOUT THE AUTHOR

...view details