গোলাঘাটত সন্মুখ সমৰত হাতী আৰু মানুহ - হাতী আৰু মানুহ
গোলাঘাটত সন্মুখ সমৰত হাতী আৰু মানুহ ৷ গোলাঘাট লেতেকুজান চাহ বাগিচাত যোৱা কেবাদিনৰ পৰা পোৱালি সহ হাতীৰ এটা বৃহৎ জাকে অৱস্থান কৰি আছে ৷
গোলাঘাটত সন্মুখ সমৰত হাতী আৰু মানুহ
গোলাঘাট, 09 চেপ্তেম্বৰঃ গোলাঘাটত সন্মুখ সমৰত হাতী আৰু মানুহ ৷ গোলাঘাট লেতেকুজান চাহ বাগিচাত যোৱা কেইবা দিনৰ পৰা পোৱালি সহ হাতীৰ এটা বৃহৎ জাকে অৱস্থান কৰি আছে ৷ খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকটোক খেদি পঠিয়াবলৈ স্থানীয় ৰাইজে বহু চেষ্টা কৰিছে যদিও বৰ্তমানলৈকে সফল হ'ব পৰা নাই ৷ এতিয়া বন্য হস্তীৰ সন্ত্ৰাসত ত্ৰাসিত হৈ পৰা অঞ্চলটোৰ ৰাইজে উজাগৰী নিশা পাৰ কৰিব লগীয়া পৰিস্থিতি সৃষ্টি হৈছে ৷