অসম

assam

ETV Bharat / state

নগাই কিয় বন্ধ কৰি ৰাখিছে ONGC ৰ তিনিটাকৈ তৈল খাদ ?

গোলাঘাট জিলাৰ অসম-নগালেণ্ড সীমান্তৰ 'বি' চেক্টৰত নগাই বন্ধ কৰি ৰাখিছে অএনজিচি (ONGC)ৰ অধীনৰ তিনিটাকৈ তৈল খাদ ৷ উক্ত তৈল খাদ কেইটা মুকলি কৰাৰ দাবীত বৃহস্পতিবাৰে ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ যোগেদি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ।

Memorandum  Sent To Chief Minister By SMSS At Dhansri,golaghat District
নগাই বন্ধ কৰি ৰাখিছে ONGC ৰ তিনিটাকৈ তৈল খাদ কিয় ?

By

Published : Jun 17, 2021, 10:12 PM IST

সৰুপথাৰ,17 জুন: অসম-নগালেণ্ড সীমান্তৰ 'বি' চেক্টৰত নগাই বন্ধ কৰি ৰখা ভাৰতীয় তৈল নিগমৰ অধীনস্থ "ONGC' ৰ তিনিটাকৈ তৈল খাদ মুকলি কৰি দিয়াৰ দাবীত বৃহস্পতিবাৰে গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ধনশিৰি মহকুমা মহকুমাধিপতিৰ হাতত প্ৰদান কৰে এখন স্মাৰক পত্ৰ।

উল্লেখ্য যে, গোলাঘাট জিলাৰ অসম-নগালেণ্ড সীমান্তৰ 'বি' চেক্টৰত বিগত 1 জুনৰ পৰা নগালেণ্ডৰ কোনো লোকে বন্ধ কৰি ৰাখিছে ভাৰতীয় তৈল নিগম অধীনৰ তিনিটাকৈ তৈল খাদ ৷ উক্ত তৈল খাদ কেইটা বন্ধ কৰি ৰখাত তৈল খাদ কেইটাত কৰ্মৰত শ্ৰমিক সকলৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে ৷ কিয়নো তৈল খাদত কাম কৰিয়েই উপাৰ্জিত ধনৰেই পৰিয়াল পোহ-পাল দি আহিছিল যদিও 16 দিন ধৰি বন্ধ হৈ থকাত কৰ্মচাৰী সকল শংকিত হৈ পৰিছে ৷

নগাই বন্ধ কৰি ৰাখিছে ONGC ৰ তিনিটাকৈ তৈল খাদ কিয় ?

ইফালে অএনজিচিৰ 'ONGC' তৈল খাদ মুকলি কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গোলাঘাট জিলাৰ ধনশিৰি মহকুমা মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী "CHIEF MINISTER" ড৹ হিমন্ত বিশ্ব শৰ্মা (DR HIMANTA BISWA SARMA)লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ৷

আজিৰ এই কাৰ্যসূচীত গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকাশ দাও, ধনশিৰি মহকুমা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দ্বিপেন বড়ো, সম্পাদক দীপাংকৰ চৱৰকে আদি কৰি কেইবাজনো নেতা উপস্থিত থাকে ।

লগতে পঢ়ক-কংগ্ৰেছক অনুকৰণ কৰিবলৈ বিজেপিক আহ্বান গৌৰৱ গগৈৰ

ABOUT THE AUTHOR

...view details