সৰুপথাৰ,17 জুন:ক’ভিড মহামাৰীৰ প্ৰতিহত কৰিবলৈ চৰকাৰে জাৰি কৰিছে এখনৰ পাচত আন এখন নতুন নীতি-নিৰ্দেশনা(SOP) ৷ ৰাজ্য চৰকাৰৰ নীতি-নিৰ্দেশনা(SOP) অনুসৰি বন্ধ হৈ আছে আন্তঃজিলা যাতায়ত ব্যৱস্থা । ফলত অসুবিধাৰ সন্মুখিন হ’ব লগাত পৰিছে সাধাৰণ যাত্ৰী সকল ৷
বিশেষকৈ ধনশিৰি মহকুমাৰ অন্তৰ্গত ৰোগী সকলে জৰুৰীকালীন ভাৱে মহকুমাটোৰ বাহিৰলৈ চিকিৎসাৰ হেতুকে যোৱাৰ বাৰে বহু সমস্যাৰ সন্মুখিন হ’ব লগাত পৰিছে ৷ কিয়নো ব্যক্তিগত বাহন ভাড়া কৰাৰ বাবে বহু আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে ।
অসম পৰিবহন নিগমৰ বাছ চলাচলৰ বাবে আহ্বান টাই আহোম ছাত্ৰ সন্থা সেয়ে এই সমস্যা সমূহ দূৰ কৰিবৰ বাবে ধনশিৰি মহকুমা টাই আহোম ছাত্ৰ সন্থাই মহকুমা সমিতিৰ সভাপতি অনন্ত গগৈ আৰু সহকাৰী সম্পাদক ধৰনী গগৈৰ দ্বাৰা স্বাক্ষৰিত এক স্মাৰক পত্ৰ যোগে মহকুমাটোৰ সৰুপথাৰৰ পৰা গুৱাহাটী মেডিকেল কলেজ(GMCH) আৰু উৰিয়ামঘাটৰ পৰা ডিব্ৰুগড় মেডিকেল কলেজ(Dibrugarh Medical College) লৈ অসম ৰাজ্যিক পৰিবহণ নিগম(ASTC)ৰ দুখন বাছ চলাচলৰ ব্যৱস্থা কৰিবৰ বাবে ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ ওচৰত আবেদন জনায় ।
লগতে পঢ়ক:ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বিপৰ্যয়ত ফাষ্ট ফুডৰ ব্যৱসায়ী