গোলাঘাট,১১ নৱেম্বৰ: গোৱাত অনুষ্ঠিত হৈ যোৱা ৩৭ তম ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত স্কে মাৰ্চিয়েল আৰ্টচ , কালাৰীপায়াট্ৰু আৰু উশ্বুত ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰা খেলুৱৈসকলক গোলাঘাটত ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয় । শনিবাৰে গোলাঘাটত উপস্থিত হোৱাৰ লগে লগে খেলুৱৈসকলক অসম স্কে মাৰ্চিয়েল আৰ্টচ সন্থা, জিলা উশ্বু সন্থা, কালাৰীপায়াট্ৰু আৰু স্কে সন্থাৰ উদ্যোগত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ।
গোলাঘাটৰ বেচৰকাৰী বাছ আস্থানত খেলুৱৈসকলক গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনাই সন্থা কেইটাই । উক্ত সম্বৰ্ধনা অনুষ্ঠানত গোলাঘাট জিলা ছাত্ৰ সন্থা, তাই আহোম ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, চুতীয়া যুৱ সন্মিলন, অনুসূচিত জাতি ছাত্ৰ সন্থা, চুতীয়া জাতি ছাত্ৰ সন্থা, সন্মিলিত মটৰ পৰিবহণ সন্থা আদিৰ লগতে বিভিন্ন দল-সংগঠনে খেলুৱৈসকলক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে । সম্বৰ্ধনা গ্ৰহণ কৰি অতিকৈ উৎফুল্লিত হৈ পৰে খেলুৱৈ সকল ।