অসম

assam

ETV Bharat / state

বিহৰা গৰু বজাৰৰ বাবেই ৰাজপথত তীব্ৰ যান-জঁট

সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হোৱা অসম শক্তি বিতৰক কোম্পানী লিমিটেডৰ লিখিত পৰীক্ষাৰ বাবে অহা পৰীক্ষাৰ্থীসকলে সময়মতে পৰীক্ষা কেন্দ্ৰত উপস্থিত থাকিবলৈ সক্ষম নহ'ল ৷

By

Published : Apr 28, 2019, 4:38 PM IST

etvbharatassam

বোকাখাত, 28 এপ্ৰিলঃ গৰুৰ বজাৰৰ বাবে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি তীব্ৰ যান-জঁট ৷ বোকাখাতৰ বিহৰাস্থিত গৰুৰ বজাৰখনৰ বাবে দেওবাৰে দিনৰ ভাগত সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় যান-জঁট ৷

ৰাজপথত তীব্ৰ যান-জঁট

সমগ্ৰ অসমতে আজি অনুষ্ঠিত হোৱা অসম শক্তি বিতৰক কোম্পানী লিমিটেডৰ লিখিত পৰীক্ষাৰ বাবে অহা পৰীক্ষাৰ্থীসকল আৱদ্ধ হৈ পৰে যান-জঁটৰ মাজত ৷ সুদীৰ্ঘ দিন ধৰি এই বজাৰ খনে ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁটৰ সৃষ্টি কৰি আহিছে যদিও প্ৰশাসনে আজিকোপতি কোনো পদক্ষেপ লোৱা দেখিবলৈ পোৱা হোৱা নাই । যাৰ ফলত পৰীক্ষা কেন্দ্ৰসমূহত কিছু পৰীক্ষাৰ্থী সময়মতে উপস্থিত হওঁতে বিলম্ব হয় ।

ৰাজপথত তীব্ৰ যান-জঁট

ABOUT THE AUTHOR

...view details