গোৱালপাৰা, 8 ডিচেম্বৰ : কৃষি আইনৰ বিৰোধিতাৰে মঙলবাৰে গোৱালপাৰাত নিখিল ভাৰত কৃষক সভাৰ জিলা কমিটীয়ে দাহ কৰিলে তিনিখনকৈ কৃষক বিৰোধী আইন । কৃষক সভাৰ জিলা কমিটীৰ লগতে কৃষক মুক্তি, ছাত্ৰ মুক্তি, এচ এফ আই, আই ডি ওৱাই এফ আইৰ সহযোগত গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত কৃষি আইনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
কৃষি আইনৰ প্ৰতিলিপি দাহেৰে গোৱালপাৰাত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ - জিলা কমিটী
কৃষি আইনৰ বিৰোধিতাৰে গোৱালপাৰাত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ ৷ হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷
কৃষি আইনৰ প্ৰতিলিপি দাহৰে গোৱালপাৰাত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ
প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক :কৃষি আইন প্ৰত্যাহাৰৰ দাবীত জালুকবাৰীত আম আদমী পাৰ্টীৰ প্ৰতিবাদ