গোলাঘাট, 25 ছেপ্তেম্বৰ :বিতৰ্কিত কৃষি বিধেয়কৰ বিৰোধিতাৰে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ কৃষকৰ অধিকাৰ নস্যাৎ কৰিব বিচৰা বিধেয়কখনক সকলোৱে বাতিল কৰাৰ দাবী জনাইছে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিধেয়কখনক বিৰোধিতা কৰা পৰিলক্ষিত হৈছে ৷ অসমৰ বিভিন্ন প্ৰান্তত বিধেয়কখন বিৰোধিতা কৰাৰ বাবে বিভিন্ন দল-সংগঠনৰ লগতে সচেতন ৰাইজ আৰু কৃষক শ্ৰেণীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷
শুকুৰবাৰে পুনৰ গোলাঘাট জিলাত সদৌ অসম ছাত্ৰ সন্থাই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ গোলাঘাট জিলা ছাত্ৰ সন্থাই বেজবৰুৱা পইন্টত কৃষি বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্ল'গানেৰে হাতে হাতে বেনাৰ,প্লে'কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷