সৰুপথাৰ, 22 অক্টোবৰঃপাকিস্তান অধীকৃত কাশ্মীৰত পাকিস্তানী সেনাৰ হাতত মৃত্যুবৰণ কৰা ৩৯ নং গোৰ্খা ৰেজিমেন্টৰ হাবিলদাৰ পদম বাহাদুৰ শ্ৰেষ্ঠৰ সপোনটিৰ কথা ব্যক্ত কৰিলে কন্যা মঞ্জু শ্ৰেষ্ঠই ৷ নিজ কন্যাক এয়াৰহোষ্টেছ নাইবা হোটেল মেনেজমেন্ট পঢ়োৱাৰ হাবিয়াস আছিল বীৰ জোৱান পদম বাহাদুৰ শ্ৰেষ্ঠৰ ৷ লগতে নিজ পুত্ৰ সাহিল শ্ৰেষ্ঠকো গোৱালপাৰাস্থিত সৈনিক স্কুলত নাম ভৰ্তি কৰাই নিজ পথৰে পথিক কৰাৰ সপোন পুহি ৰাখিছিল বীৰ শ্বহীদ গৰাকীয়ে ৷ কিন্তু নিজ পুত্ৰ কন্যাৰ উচ্চ শিক্ষাক লৈ দেখা সপোনে পূৰ্ণতা নাপাওঁতেই দেশ মাতৃৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিলে বীৰ জোৱান পদম বাহাদুৰ শ্ৰেষ্ঠই ৷
পুত্ৰকো সেনাবাহিনীত যোগদান কৰোৱাৰ সপোন দেখিছিল শ্বহীদ পদম বাহাদুৰে - assam jawan death at pok
নিজ কন্যাক এয়াৰহোষ্টেছ নাইবা হোটেল মেনেজমেন্ট পঢ়োৱাৰ হাবিয়াস আছিল বীৰ জোৱান পদম বাহাদুৰ শ্ৰেষ্ঠৰ ৷ লগতে নিজ পুত্ৰ সাহিল শ্ৰেষ্ঠকো গোৱালপাৰাস্থিত সৈনিক স্কুলত নাম ভৰ্তি কৰাই নিজ পথৰে পথিক কৰাৰ সপোন পুহি ৰাখিছিল বীৰ শ্বহীদ গৰাকীয়ে ৷
বীৰ শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ অপূৰ্ণ সপোন
আজি দিনৰ ১২: ৫৫ বজাত বিশেষ বিমানেৰে ডিমাপুৰলৈ অনা হ’ব অসম মাতৃৰ বীৰ সন্তান পদম বাহাদুৰ শ্ৰেষ্ঠৰ নশ্বৰ দেহ ৷ তাৰ পিছতে বৰপথাৰ নগৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি বিয়লি ৪ বজাত নিজা বসগৃহ পাবহি বীৰ জোৱান জনৰ নশ্বৰ দেহ ৷ সমান্তৰালভাৱে তেখেতে স্কুলীয়া জীৱন আৰম্ভ কৰা বৰপথাৰ আদৰ্শ হিন্দী হাইস্কুলতো জ্ঞাপন কৰা হ'ব শ্ৰদ্ধাঞ্জলি ৷ তাৰ পিছতে ২১ টা টুপ ধ্বনিৰে সম্পূৰ্ণ সামৰিক মৰ্যদাৰে সম্পন্ন কৰা হ’ব বীৰ শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ শেষকৃত্য ৷
Last Updated : Oct 22, 2019, 7:16 PM IST