অসম

assam

ETV Bharat / state

Speech Competition at Sarupathar : মাধ্যম আন্দোলনৰ শ্বহীদ বলিন ৰাজখোৱাৰ সোঁৱৰণিত বক্তৃতা প্ৰতিযোগিতা

মাধ্যম আন্দোলনৰ শ্বহীদ বলিন ৰাজখোৱাৰ সোঁৱৰণিত গোলাঘাট জিলা ভিত্তিত অনুষ্ঠিত হয় বক্তৃতা অনুষ্ঠান ৷ বক্তৃতা প্ৰতিযোগিতাৰ বিষয় আছিল "শিক্ষাৰ মাধ্যমৰূপে অসমীয়া ভাষা আৰু ইয়াৰ ভৱিষ্যৎ" ৷

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 9:48 PM IST

Speech Competition at Sarupathar
শ্বহীদ বলিন ৰাজখোৱাৰ সোঁৱৰণিত বক্তৃতা প্ৰতিযোগিতা

সৰুপথাৰ, 13 অক্টাবৰ: শুকুৰবাৰে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ আহ্বানত আৰু বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সৰুপথাৰত অনুষ্ঠিত হয় এক বক্তৃতা প্ৰতিযোগিতা ৷ মাধ্যম আন্দোলনৰ শ্বহীদ বলিন ৰাজখোৱাৰ সোঁৱৰণিত গোলাঘাট জিলা ভিত্তিত অনুষ্ঠিত হয় বক্তৃতা প্ৰতিযোগিতাখন ৷ বৰপথাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বক্তৃতা প্ৰতিযোগিতাৰ বিষয় আছিল "শিক্ষাৰ মাধ্যমৰূপে অসমীয়া ভাষা আৰু ইয়াৰ ভৱিষ্যত" ৷

উক্ত প্ৰতিযোগিতাখনত বৰপথাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সদস্যসকলে পূৰ্ণ সহযোগিতা আগবঢ়ায় । সাম্প্ৰতিক সময়ৰ শিক্ষাখণ্ডত অসমীয়া ভাষাৰ মাধ্যমক লৈ সমালোচনা তথা বিতৰ্কৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়া ভাষাৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে এনেধৰণৰ বক্তৃতা অসমৰ বাবে প্ৰাসংগিক বুলি ভিন্নজনে মন্তব্য কৰিছে ।

আজিৰ বক্তৃতানুষ্ঠানত উপস্থিত থাকে বৰপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মুকুল সন্দিকৈ, গোলাঘাট সাংবাদিক সংস্থাৰ উপদেষ্টা সোণাৰাম ভৰালী, বৰপথাৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক বেদান্ত ভাৰ্গৱ বৰা, প্ৰাক্তন ছাত্ৰনেতা লিখি বৰা, প্ৰাক্তন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিলীপ শৰ্মা, বৰপথাৰ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ দীপান্দিতা দত্ত ।

বক্তৃতানুষ্ঠানত বিচাৰক হিচাবে উপস্থিত থাকে ধ্ৰুৱজ্যোতি কোঁৱৰ আৰু জোৎস্না হিলৈদাৰী শইকীয়া ৷ বক্তৃতা প্ৰতিযোগিতাৰ ফলাফল অনুসৰি প্ৰথম পুৰস্কাৰ লাভ কৰে গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অস্মিতা লাহনে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে সৰুপথাৰ মহাবিদ্যালয়ৰ দোলেশ্বৰ শইকীয়াই, তৃতীয় পুৰস্কাৰ লাভ কৰে বৰপথাৰ মহাবিদ্যালয়ৰ বিশাল মহন্তই ৷

লগতে পঢ়ক:Cricket in Olympics: ২০২৮ ৰ অলিম্পিকত অন্তৰ্ভুক্ত হোৱাৰ দিশে ক্ৰিকেট

ABOUT THE AUTHOR

...view details