অসম

assam

ETV Bharat / state

আঘাতপ্ৰাপ্ত, মাতৃহাৰাৰ দ্বায়িত্ব বহন কৰিয়েই আছে কাজিৰঙাৰ মনোজ গগৈয়ে - Manoj Gogoi Kaziranga

কাজিৰঙাৰ মনোজ গগৈৰ নাম নুশুনা লোক হয়তো খুৱেই কম ওলাব ৷ যি মনোজ গগৈয়ে এই পৰ্যন্ত প্ৰায় ৫ হাজাৰৰো অধিক বন্যপ্ৰাণীক দুৰ্গত অৱস্থাৰ পৰা উদ্ধাৰ কৰি বনত মুকলি কৰি দিছে ৷ শেহতীয়াকৈ মনোজ গগৈয়ে এটি আঘাতপ্ৰাপ্ত কণমাণি কাঠৰোকা চৰাইক(Woodpecker Bird) সুস্থ কৰাই মুকলি কৰি দিয়ে ৷ ইয়াৰোপৰি দুটা কণমানি কুলি পোৱালিক পৰিচৰ্যা কৰাত ব্যস্ত হৈ আছে মনোজ গগৈ ৷

kazirang  Monuj Gogoi
kazirang Monuj Gogoi

By

Published : Jun 18, 2022, 7:40 PM IST

বোকাখাত, 18 জুন: এটি আঘাতপ্ৰাপ্ত কণমাণি কাঠৰোকা চৰাইক(Woodpecker Bird) বিৰামহীন পৰিচৰ্যা । পৰিচৰ্যাৰ অন্তত সম্পূৰ্ণ সুস্থ হৈ প্ৰকৃতিৰ বুকুলৈ উৰি গ’ল কাঠৰোকাটো । বন্যপ্ৰেমৰ জীৱন্ত নায়ক কাজিৰঙাৰ মনোজ গগৈৰ প্ৰকৃতিপ্ৰেমৰ অন্যতম নিদৰ্শন এয়া ৷

উল্লেখ্য যে, কাজিৰঙাৰ লক্ষণ কৰ্মকাৰ নামৰ এজন লোকে মুমূৰ্ষু অৱস্থাত এটি কণমানি কাঠৰোকা চৰাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ কৰি গটাই দিছিল মনোজ গগৈক (Environmentalist Manoj Gogoi)। তাৰ পাছতে মনোজ গগৈয়ে তেখেতৰ NRSB চেণ্টাৰত কণমানি মাতৃহাৰা পোৱালিটোক মাতৃস্নেহেৰে সুস্থ কৰাৰ লগতে প্ৰদান কৰিছিল কাঠ ফুটা কৰাৰ বিশেষ প্ৰশিক্ষণ । সম্পূৰ্ণ ২০ দিনৰ অন্তত প্ৰকৃতিৰ বুকুত জীয়াই থাকিবৰ বাবে সকলো প্ৰশিক্ষণ প্ৰদান কৰাৰ পাছত মুক্ত হৈ উৰা মাৰিলে কাঠৰোকাটোৱে ৷

২০ দিনীয়া মৰম তথা আবদাৰৰ অন্তত প্ৰকৃতিৰ বুকুলৈ যোৱাৰ সময়ছোৱাত মনোজ গগৈ আৱেগিক হৈ পৰে যদি তেওৰ মতে প্ৰকৃতিৰ সম্পদ প্ৰকৃতিৰ বুকুত থাকিব লাগে । আনহাতে চলিত মাহৰ বৰ্তমান সময়লৈকে মুঠ ৩৭ টা বিভিন্ন প্ৰজাতিৰ সাপ, চৰাই আৰু অন্যান্য জীৱকুলক উদ্ধাৰ কৰি পুনৰ বনত মুকলি কৰি দিছে মনোজ গগৈয়ে (Stranded animals warden in Kaziranga) ৷

আঘাতপ্ৰাপ্ত, মাতৃহাৰাৰ দ্বায়িত্ব বহন কৰিয়েই আছে কাজিৰঙাৰ মনোজ গগৈয়ে

ইফালে বৰ্তমান দুটা কণমানি কুলি পোৱালিক পৰিচৰ্যা কৰাত ব্যস্ত হৈ আছে মনোজ গগৈ ৷ বোকাখাতৰ পৰা এগৰাকী যুৱতীৰ নেতৃত্বত উদ্ধাৰ কৰা পোৱালিকেইটা ক্ৰমে ডাঙৰ হ’বলৈ লৈছে যদিও মুকলি কৰিবলৈ প্ৰায় ৪৫ দিনৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰে গগৈয়ে (Manoj Gogoi Kaziranga)৷ বৰ্তমানলৈকে ৫ হাজাৰৰো অধিক বন্যপ্ৰাণীক দুৰ্গত অৱস্থাৰ পৰা উদ্ধাৰ কৰি বনত মুকলি কৰি দিয়া গগৈয়ে বানপানীৰ সৈতে মোকাবিলা কৰিবলৈও সাজু হৈছে ।

মনোজ গগৈৰ আহ্বান- বানৰ সময়ত(Flood situation in Assam) আহত বা বিপদগ্ৰস্ত বন্যপ্ৰাণীক ৰক্ষা কৰাৰ বাবে সকলোৱে সহযোগিতা আগবঢ়াওক । বিপদত পৰা বন্যপ্ৰাণী দেখিলেই বন বিভাগ অথবা মনোজ গগৈক খবৰ দিয়াৰ আহ্বান জনাইছে গগৈয়ে৷ আহত বা দুৰ্গত বন্যপ্ৰাণী দেখিলেই ৯৯৫৭৭৮৭৭৫১ নম্বৰত যোগাযোগ কৰাৰ অনুৰোধ মনোজ গগৈৰ ৷

লগতে পঢ়ক:সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ হ’লে শেষ হ’ব বান সমস্যা: NHPC কৰ্তৃপক্ষ

ABOUT THE AUTHOR

...view details