অসম

assam

ETV Bharat / state

কলাৰ নৱমত ফৰকাটিঙৰ মণিষা - 9th position

নিতৌ বোকা গচকি বিদ্যালয় লৈ আহ যাহ কৰা মণিষাই নৱম স্থান দখল কৰাত এতিয়া উৎফুল্লিত হৈ পৰিছে ফৰকাটিংবাসী ৷ মণিষাৰ পিতৃ অতুল বৰা ফৰকাটিং মহাবিদ্যালয়ৰেই এজন কৰ্মচাৰী আছিল ৷ দুবছৰৰ পূৰ্বে এক জটিল ৰোগত আক্ৰান্ত হৈ মনিষাৰ পিতৃৰ মৃত্যু হৈছিল ৷

মণিষা বৰা

By

Published : May 25, 2019, 12:00 PM IST

গোলাঘাট, 25 মে': কলা শাখাৰ পৰা নৱম স্থান অধিকাৰ কৰি ফৰকাটিঙৰ লগতে গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মণিষা বৰাই ৷ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য মণিষা বৰাৰ ৷

দুবছৰৰ পূৰ্বে পিতৃহাৰা হোৱা মণিষা বৰাই স্থান দখল কৰিবলৈ সক্ষম হোৱাত অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে ৷ 35 টা বছৰৰ পিচত মহাবিদ্যালয়খনে অৰ্জন কৰা এই সফলতাক লৈ মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী লগতে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকল আনন্দত আত্মহাৰা হৈ পৰিছে ৷ ফৰকাটিং আঠগাঁৱৰ অতি পিছপৰা অঞ্চলৰ পৰা ভাল ফলাফল লাভ কৰা মণিষাৰ বাসগৃহলৈ যোৱাৰ পথটো অতি বোকাময় ৷ নিতৌ অঞ্চলবাসীৰ লগতে মণিষাৰ পৰিয়ালে এই পথৰে বোকা গচকি আহ-যাহ কৰে ৷

গোলাঘাটত উজলিল ফৰকাটিং মহাবিদ্যালয়ৰ ছাত্ৰী মণিষা বৰা

মণিষাৰ পিতৃ অতুল বৰা ফৰকাটিং মহাবিদ্যালয়ৰেই এজন কৰ্মচাৰী আছিল ৷ দুবছৰৰ পূৰ্বে এক জটিল ৰোগত আক্ৰান্ত হৈ মনিষাৰ পিতৃৰ মৃত্যু হৈছিল ৷ আনহাতে মাতৃ জ্যোতিমণি বৰা এগৰাকী গৃহিনী ৷ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখা মণিষাক ভৱিষ্যতে পঢ়াৰ দায়িত্ব বহন কৰাক লৈ এতিয়া চিন্তিত হৈ পৰিছে মাতৃ জ্যোতিমণি বৰা ৷ ইয়াৰ উপৰিও মণিষাই চৰকাৰক গাঁৱৰ পথছোৱা নিৰ্মাণ কৰিবলৈ আহ্বান জনায় ৷

ABOUT THE AUTHOR

...view details