অসম

assam

ETV Bharat / state

গৌৰৱ গগৈৰ দৰে বিদেশীনী বিয়া নাপাতোঃ অসমৰ জনজাতি সম্প্ৰদায়ৰ ছোৱালীহে বিয়া পাতিম - অতুল বৰা

এই ভাষ্য অগপ-বিজেপি মিত্ৰজোঁটৰ কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ ৷ সাংবাদিক সকলে দুয়োটা দলৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছেঃ মণি মাধৱ মহন্ত

অগপ-বিজেপিৰ যৌথ কৰ্মী সভাত মিত্ৰজোঁটৰ কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ অংশগ্ৰহণ

By

Published : Apr 1, 2019, 1:49 PM IST

সৰুপথাৰ , 01 এপ্ৰিলঃ " অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত মিত্ৰতা, ধৰ্ম অক্ষুন্ন ৰাখিম আৰু মৰ্যদা সহকাৰে পালন কৰিম ৷" দেওবাৰে সৰুপথাৰত অনুষ্ঠিত হোৱা অগপ আৰু বিজেপিৰ যৌথ কৰ্মী সভাত অংশ গ্ৰহণকৰি কলিয়াবৰ লোকসভা নিৰ্বাচনৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তই এই মন্তব্য প্ৰকাশ কৰে ৷

অগপ-বিজেপিৰ যৌথ কৰ্মী সভাত মিত্ৰজোঁটৰ কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ অংশগ্ৰহণ

প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাই সভাপতিত্ব কৰা এই অগপ-বিজেপিৰ যৌথ কৰ্মী সভাখনত অগপ সভাপতি অতুল বৰা, টীয়কৰ বিধায়িকা ৰেনুপ্ৰভা ৰাজখোৱাসহ অগপ-বিজেপিৰ নেতা কৰ্মীসকলে অংশগ্ৰহণকৰে ৷ এই সভাখনত মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তই কয় যে তেখেতে "জয় আই অসমো" ক'ব আৰু "ভাৰত মাতা কি জয়ো" ক'ব ৷ তদুপৰি তেখেতে কয় যে সাংবাদিক সকলে দুয়োটা দলৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে যদিও তেওঁ বিভাজন অনাৰ সুবিধা কেতিয়াও নিদি জাতীয় চেতনা আৰু ৰাষ্ট্ৰীয় স্বাভিমান অক্ষুন্ন ৰাখিব ৷ ইয়াৰোপৰিও মহন্তই কয় যে গৌৰৱ গগৈৰ দৰে বিদেশীনী তেওঁ বিয়া নাপাতে, ভাৰতৰ অন্য ঠাইৰো ছোৱালী বিয়া নাপাতে বৰঞ্চ তেওঁ অসমৰ জনজাতি সম্প্ৰদায়ৰ ছোৱালীহে বিয়া পাতিব ৷

আনহাতে সভাত উপস্থিত থকা অগপ সভাপতি অতুল বৰাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে মনি মাধৱ মহন্তই কেশৱ মহন্তৰ ভায়েক হিচাপে টিকট পোৱা নাই | তদুপৰি প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰোধিতাই কলিয়াবৰত কোনো প্ৰভাৱ নেপেলাই বুলিও অগপ সভাপতিজনে উল্লেখ কৰে ৷

ABOUT THE AUTHOR

...view details