গোলাঘাট, 17 আগষ্ট: গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত । ভয়াৱহৰ পৰা অধিক ভয়াৱহলৈ গতি কৰিছে এই সংঘাতে । গোলাঘাটত অধিক ভয়াৱহ হৈ পৰিছে হাতী মানুহৰ সংঘাত ৷ শনিবাৰে দিন দুপৰতে এটা বন্যহস্তীয়ে নুমলীগড় শোধনাগাৰ চৌহদত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি ভাঙি লণ্ড-ভণ্ড কৰে কেইবাখনো বাইক । ইফালে, সন্ধিয়াভাগত এটা বৃহৎ 60-70 টা হাতীৰ জাকে উপদ্ৰৱ চলাই মুৰফুলনী অঞ্চলত । হাতী খেদিবলৈ বনকর্মীৰ দলে গুলীচালনা কৰোঁতে আহত হয় তিনিজনকৈ নিৰীহ লোক ।
বনকৰ্মীৰ গুলীত আহত তিনিজন নিৰীহ লোক
গোলাঘাটত অধিক ভয়াবহ হৈ পৰিছে হাতী মানুহৰ সংঘাত ৷ শনিবাৰে দিন দুপৰতে এটা বন্যহস্তীয়ে নুমলীগড় শোধনাগাৰ চৌহদত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি ভাঙি লণ্ডভণ্ড কৰে কেইবাখনো বাইক । ইফালে, সন্ধিয়াভাগত এটা বৃহৎ 60-70 টা হাতীৰ জাকে উপদ্ৰৱ চলাই মুৰফুলনী অঞ্চলত ।
গোলাঘাটত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত
আনহাতে হাতীৰ জাকটোৱে ওৰে নিশা উপদ্ৰৱ চলাই মুৰফুলনী অঞ্চলত । উজাগৰে থাকি স্থানীয় লোকসকলে হাতে হাতে ব'ম, ফটকা, জুই লৈ খেদিব লগা হয় হাতী । এনেদৰে এতিয়া দিনে নিশাই গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে হাতী মানুহৰ ভয়াৱহ সংঘাত । মূলত হাতীৰ বসতিস্থলত হোৱা অবাধ বেদখলৰ, খাদ্য সংকটৰ ফলতে এনেদৰে ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে ।