গোলাঘাট, ৮ জানুৱাৰী : গোলাঘাট জিলাত বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত । নিশাতো বাদেই দিয়ক, এতিয়া দিন দুপৰতে গৰু-ছাগলীৰ দৰে মুক্ত বিচৰণ কৰিছে বন্যহস্তীৰ জাকে । এই দৃশ্য হৈছে গোলাঘাট জিলাৰ মৰঙীৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ । দিনৰ ভাগতে বন্যহস্তীৰ এটা বৃহৎ জাকে অতিক্ৰম কৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ ।
লেতেকুজান চাহ বাগিচাৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি মাজুলী গাঁৱৰ দিশে প্ৰৱেশ কৰে বন্যহস্তীৰ জাকটো । এতিয়া মৰঙী মৌজাত এয়া নিত্য-নৈমিত্তিক ঘটনা হৈ পৰিছে । প্ৰতিদিনে দিনে-নিশাই চাহ বাগিচা, ঘৰ-বাৰী,পথত এতিয়া দেখিবলৈ পোৱা যায় বন্যহস্তীৰ জাক । আনহাতে, বন্যহস্তীৰ জাকে চাহ বাগিচাত অৱস্থান কৰি থকা অৱস্থাত একাংশ উদণ্ড যুৱকে চৰম উদ্ভণ্ডালি কৰা দেখা গৈছে ।