অসম

assam

By

Published : Oct 19, 2019, 10:03 PM IST

ETV Bharat / state

গোলাঘাটত চৰম পৰ্যায়ত হাতী মানুহৰ সংঘাত

দিনৰ ভাগতো নুমলীগড়ৰ মৰঙী অঞ্চলৰ মানুহৰ বাৰীত ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীৰ দলে ৷ নুমলীগড়ৰ,মৰঙী,ঢলাগুৰি চাহ বাগিছা,গোবিনপুৰ চাহ বাগিচা ,শ্যামৰাইপুৰ,চাহবাগিচা,মুৰফুলনী,নাহৰবাৰী আদি অঞ্চলত এতিয়া তীব্ৰৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে ৷

গোলাঘাটত চৰম পৰ্যায়ত হাতী মানুহৰ সংঘাত

গোলাঘাট,19 অক্টোবৰঃবন্যহস্তীৰ উপদ্ৰপে টোপনি হৰিছে গোলাঘাট জিলাৰ নুমলীগড়ৰ ৰাইজৰ ৷ দিনৰ ভাগতো অঞ্চলটোৰ মানুহৰ বাৰীত ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীৰ দলে ৷ হাতীৰ সন্ত্ৰাসত শিক্ষাৰ্থীয়ে বাদ দিব লগা হৈছে শিক্ষানুষ্ঠান ৷ নুমলীগড়ৰ,মৰঙী,ঢলাগুৰি চাহ বাগিছা,গোবিনপুৰ চাহ বাগিচা,শ্যামৰাইপুৰ,চাহবাগিচা,মুৰফুলনী,নাহৰবাৰী আদি অঞ্চলত এতিয়া তীব্ৰৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে ৷ উল্লেখ্য যে জিলা খনত বন্যহস্তীৰ সন্ত্ৰাস আজিৰ ঘটনা নহয়,ইতিপূৰ্বে কেবাজনো লোকে মৃত্যুবৰণ কৰিছিল বন্যহস্তীৰ আক্ৰমণত ৷

তীব্ৰৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে

ABOUT THE AUTHOR

...view details