অসম

assam

ETV Bharat / state

বনৰীয়া হাতীৰ ত্ৰাসত উজাগৰী নিশা কটাইছে গঞাই

গোলাঘাটত অব্যাহত আছে বনৰীয়া হাতীৰ ত্ৰাস ৷ শনিবাৰে নিশা পুনৰ ত্ৰাস চলালে বনৰীয়া হাতীয়ে ৷ নীৰৱ দৰ্শকৰ ৰূপত বন বিভাগ ৷

Man- Elephant Conflict In Golaghat District
নুমলীগড়ত বনৰীয়া হাতীৰ উপদ্ৰৱত নিদ্ৰাহীন গঞা

By

Published : Sep 27, 2020, 4:37 PM IST

গোলাঘাট, 27 ছেপ্তেম্বৰ : গোলাঘাট জিলাৰ নুমলীগড়ত পুনৰ অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস । ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে বন্যহস্তীয়ে ৷ জিলাখনৰ বিহৰাৰ মিকিৰচাং আৰু নুমলীগড় চাহ বাগিচাত শনিবাৰে নিশা পুনৰ বনৰীয়া হাতীয়ে তহিলং কৰিলে প্ৰায় 5 টাকৈ অধিক পৰিয়ালৰ বাসগৃহ ।

নুমলীগড়ত বনৰীয়া হাতীৰ উপদ্ৰৱত নিদ্ৰাহীন গঞা

তথ্য অনুসৰি, একে নিশাই নুমলীগড়ৰ 5 নং লাইনত 2 টা, মিকিৰচাঙত 4 টা আৰু কাষৰে বৰচাপৰি অঞ্চলত কেইবাটাও পৰিয়ালৰ ঘৰ ভাঙি তহিলং কৰে বন্যহস্তীয়ে ।

নুমলীগড়ত বনৰীয়া হাতীৰ উপদ্ৰৱত নিদ্ৰাহীন গঞা

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ পিচত অঞ্চলবাসী ৰাইজে নুমলীগড় বন বিভাগক বহুবাৰ অবগত কৰাৰ পিচতো বন বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷

লগতে পঢ়ক :হোজাইৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details