গোলাঘাট,19 নৱেম্বৰ:গোলাঘাটত হ্ৰাস পোৱা নাই বন্যহস্তীৰ উপদ্ৰৱ ৷ নুমলীগড়ৰ মৰঙীত আজিও অব্যাহত আছে হাতীৰ তাণ্ডৱ ৷ ফলত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে মৰঙীবাসীয়ে ৷ বিশেষকৈ আঘোণ মাহৰ পৰিপ্ৰেক্ষিতত পকা ধান খাবলৈ পথাৰসমূহলৈ প্ৰতিদিনে নিশা আহে হাতীৰ জাক ৷ ধাননি পথাৰৰ সমান্তৰালকৈ মানুহৰ বসতিস্থলত সোমাই উপদ্ৰৱ চলাই হাতীৰ জাকসমূহে ৷
মৰঙীত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ - নুমলীগড়
গোলাঘাট জিলাত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ ৷ হাতীৰ উপদ্ৰৱৰ বাবে বিনিদ্ৰ ৰজনী কটাইছে নুমলীগড় আৰু মৰঙী মৌজাবাসীয়ে ৷

বন্যহস্তীৰ উপদ্ৰৱ
বন্যহস্তীৰ উপদ্ৰৱৰ বাবে চিন্তিত ৰাইজ
বুধবাৰে নিশাৰ ভাগতো হাতীৰ জাকে মিৰিপথাৰ, ধলাখাট আৰু কুমাৰগাঁৱত উপদ্ৰৱ চলাই ধাননি পথাৰ তহিলং কৰাৰ পিছত কাৰ্তিক গোৱালা আৰু বিজু মাহিলীৰ ঘৰৰ আচবাব ভাঙি খাদ্য সামগ্ৰী নষ্ট কৰে । হাতী-মানুহৰ এনে বৰ্ধিত সংঘাতে চিন্তাত পেলাইছে নুমলীগড় আৰু মৰঙী মৌজাবাসীক ৷ অঞ্চলবাসীৰ এটাই প্ৰশ্ন কেতিয়াবা সমাধান হ’বনে এনে সমস্যাৰ !
লগতে চাওকঃবৰঙাবাৰীত হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিব নাৰ্চিং বিদ্যালয়ৰ আধাৰশিলা