অসম

assam

ETV Bharat / state

হাতী-মানুহৰ সংঘাত : গোলাঘাটত ঘৰ আৰু খেতি তহিলং কৰিলে হাতীয়ে

গোলাঘাটত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । দীৰ্ঘদিন ধৰি এটা বৃহৎ বন্যহস্তী জাকৰ মুক্ত বিচৰণ । তহিলং কৰিলে বহু ঘৰ-দুৱাৰ, খেতি-পথাৰ ৷

By

Published : Jun 7, 2020, 12:25 PM IST

গোলাঘাটত ঘৰ আৰু খেতি তহিলং কৰিলে হাতীয়ে
হাতী-মানুহৰ সংঘাত

গোলাঘাট, 7 জুন : গোলাঘাটত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । দীৰ্ঘদিন ধৰি এটা বৃহৎ বন্যহস্তীৰ জাকে মুক্ত বিচৰণ কৰি আহিছে গোলাঘাটৰ বিভিন্ন অঞ্চলত । দিনৰ ভাগত লেতেকুজান, মৰঙী, দৈগ্ৰোং চাহ বাগিচাত আশ্ৰয় লৈ সন্ধিয়া হোৱাৰ লগে লগে গাঁওসমূহত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰে বন্যহস্তীয়ে ৷

হাতী-মানুহৰ সংঘাত

ললিতা মাঝি নামৰ এগৰাকী মহিলাৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে হাতীয়ে । লগতে অনিষ্ট কৰিলে বহু খেতি-পথাৰ । চাহ বাগিচাৰ পৰা হাতীৰ জাকটোক খেদিবলৈ চেষ্টা কৰিছে যদিও স্থানীয় ৰাইজ অসমৰ্থ হৈছে । ইফালে কেইবাদিনো ধৰি নুমলীগড়ৰ বকিয়াল, ৰংবং, চফেলা, বগীঢলা আদি বিভিন্ন অঞ্চলত বন্যহস্তীৰ জাকটোৱে চলাই আহিছে উপদ্ৰৱ । এনেদৰে নুমলীগড়ত অধিক ভয়াবহ হৈ উঠিছে হাতী-মানুহৰ সংঘাত ।

গোলাঘাটত ঘৰ আৰু খেতি তহিলং কৰিলে হাতীয়ে

ABOUT THE AUTHOR

...view details