গোলাঘাট, 20 জুন :গোলাঘাটত ভয়াৱহ ৰূপ লৈছে হাতী-মানুহৰ সংঘাতে । দিন দুপৰতে পোৱালীসহ বন্যহস্তীৰ বৃহৎ জাকে প্ৰৱেশ কৰিছে জনাঞ্চলত । আতংকিত হৈ পৰিছে গাঁওবাসী । শনিবাৰে দেখা গ'ল চাঞ্চল্যকৰ দৃশ্য ৷ আগে বৃহৎ হাতীৰ জাক পিছে পিছে হাতে হাতে লাঠী, শিল গুটি,কেটেপা লৈ এদল মানুহ । হাতীৰ জাকক আঁতৰাই পঠাবলৈ কৰিছে চেষ্টা হাতীয়েও উভিত চোঁচা লৈছে মানুহলৈ । কেমেৰাত বন্দী হৈছে এই শিহৰণকাৰী দৃশ্য । গোলাঘাট শ্যামৰায়পুৰ অঞ্চলত দেখা গৈছে বন্যহস্তীৰ এই মুক্ত বিচৰণ ।
এটা বৃহৎ বন্যহস্তীৰ জাকে বৰ্তমানেও ত্ৰাস চলায় আছে অঞ্চলটোত । দিনে নিশাই গাঁও, মানুহৰ ঘৰ, চাহ বাগিচাত জাকে জাকে বন্যহস্তীয়ে বিচৰণ কৰিবলৈ ধৰিছে । উজাগৰে থাকি নিজৰ খেতি পথাৰ, ঘৰ-বাৰী ৰক্ষা কৰিব লগা হৈছে গাঁওবাসীয়ে । দীৰ্ঘ দিনৰ পৰা সেই স্থানত তাণ্ডৱ চলাই আহিছে বন্যহস্তীয়ে ৷ মূৰফুলনি, দৈগ্ৰোং আদি স্থানত প্ৰায়েই দেখা যায় জনাঞ্চলত বন্যহস্তীৰ বিচৰণ ৷ হাতী খেদিবলৈ ৰাইজে বহু সময়ত যাঠি-জোং, জুই আদি ব্যৱহাৰ কৰে যদিও তাৰ মাজতেই আতংকিত বন্যহস্তীয়ে বহুবাৰ মানুহলৈ উভতি চোঁচা লোৱা দেখা গৈছে ৷ এইদৰেই এতিয়া বন্যহস্তীৰ ত্ৰাসৰ মাজত দিন কটাবলগীয়া হৈছে এই অঞ্চলৰ ৰাইজে ৷